চাহিদাৰ অভিলেখ ৰাষ্ট্ৰীয় পতাকাৰ, দিল্লীৰ বজাৰত ১০ হাজাৰ পৰ্যন্ত পতাকাৰ অৰ্ডাৰ গ্ৰাহকৰ…

চাহিদাৰ অভিলেখ ৰাষ্ট্ৰীয় পতাকাৰ, দিল্লীৰ বজাৰত ১০ হাজাৰ পৰ্যন্ত পতাকাৰ অৰ্ডাৰ গ্ৰাহকৰ…

author-image
asomiyapratidin
New Update
চাহিদাৰ অভিলেখ ৰাষ্ট্ৰীয় পতাকাৰ, দিল্লীৰ বজাৰত ১০ হাজাৰ পৰ্যন্ত পতাকাৰ অৰ্ডাৰ গ্ৰাহকৰ…

ডিজিটেল ডেস্ক : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ।ইয়াৰ লগত সংগতি ৰাখি বছৰজোৰাকৈ চৰকাৰে আয়োজন কৰিছে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী। ১৩ আগষ্টৰ পৰাই তিনিদিনীয়াকৈ উদযাপিত হব স্বাধীনতা দিৱস। ঘৰে ঘৰে, বজাৰে, দোকানে, গাড়ীয়ে, কাৰ্য্যালয়ে ৩ দিন ধৰি উৰিব এই পতাকা। চৰকাৰৰ এই নিৰ্দেশ নহলেও আঁপকীয়াকৈ বিভিন্ন আয়োজনেৰে সকলোৰে প্ৰতি জনোৱা হৈছে এই আহ্বান।

Advertisment

সুলভ মূল্যত পতাকা নিৰ্মাণ আৰু বিক্ৰীৰ বাবেও লোৱা হৈছে চৰকাৰী আঁচনি। লগে লগে অভূতপূৰ্ব ভাৱে বৃদ্ধি পাইছে ত্ৰিৰংগাৰ বজাৰ। বজাৰত চাহিদা বাঢ়িল ৰাষ্ট্ৰীয় পতাকাৰ। ভাৰত চৰকাৰৰ হৰ ঘৰ ত্ৰিৰংগা অভিযান ঘোষণাৰ পাছত এতিয়া ৰাষ্ট্ৰীয় পতাকাৰ চাহিদা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে দিল্লীৰ সদৰ বজাৰৰ ব্যৱসায়ীসন্থাই। কাগজৰ পতাকাতকৈও কাপোৰেৰে তৈয়াৰী পতাকাৰ চাহিদা অধিক।

৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ঘৰে ঘৰে ত্ৰিৰংগা লগোৱাৰ যি কাৰ্যসূচী হাতত লৈছে সেই অজুহাত লৈ এতিয়া বজাৰত চাহিদা বৃদ্ধি হৈছে ৰাষ্ট্ৰীয় পতাকাৰ। দিল্লীৰ সদৰ বজাৰত পতাকাৰ চাহিদা বৃদ্ধিক লৈ সুখী ব্যৱসায়ী। সদৰ বজাৰত এতিয়া ১০০, ৫০০, ৫০০০, ১০,০০০ পৰ্যন্ত পতাকা বনাবলৈ বিভিন্ন জনে যোগাযোগ কৰিছে ব্যৱসায়ীৰ সৈতে।

পতাকাৰ চাহিদা বৃদ্ধিৰ লগে লগে ব্যৱসায়ীসকলৰ মাজত এক চিন্তাৰ কাৰণ আহি পৰিছে। কিয়নো ৰাষ্ট্ৰীয় পতাকা কিনিবলৈ বহুলোকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে। তাৰ ফলত পতাকা বনাবলৈ শ্ৰমিকৰ সংখ্যা কম হৈ পৰিছে। যাৰ ফলত এতিয়া অৰ্ডাৰ লবলৈ বন্ধ কৰিছে ব্যৱসায়ীসকলে।   

আৰু পঢ়ক : মূল্যবৃদ্ধি, জি এছ টি আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…

assam pm modi bjp delhi himanta biswa sarma