বোকাখাতৰ নামটেমেৰাত সুধাকণ্ঠৰ একাদশ সংখ্যক মৃত্যু দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
বোকাখাতৰ নামটেমেৰাত সুধাকণ্ঠৰ একাদশ সংখ্যক মৃত্যু দিৱস উদযাপন...

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত নামটেমেৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু দ-পৰীয়া শিল্পী সমাজৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু দিৱসটো প্ৰথমবাৰলৈ বক্তৃতা,গীত আৰু কবিতাৰে নামটেমেৰা নাট্য মন্দিৰত উদযাপন কৰা হয় ।

Advertisment

বক্তৃতা,গীত-মাত আৰু কবিতাৰে জীপাল হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বগীতৰা স্ৰষ্টা জ্যেষ্ঠ কন্ঠশিল্পী ললিত লইঙদেৱে । অনাতাঁৰ শিল্পী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোমেশ্বৰ লইঙে ভুপেন মামাৰ কালজয়ী গীত "আমি একেখন নাৱেৰে যাত্ৰী" শীৰ্ষক গীতটি পৰিৱেশন কৰি মঞ্চ মুকলি কৰে ।

শ্বহীদ কমলা মিৰি ওপজা গাঁৱৰ প্ৰাক্তন ভাৰতীয় সৈনিক তথা সাংস্কৃতিক কৰ্মী মিনেশ্বৰ বড়িয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে । মহুৰামুখ জাতীয় বিদ্যালয়ৰ সপ্তম আৰু অষ্টম শ্ৰেণী ছাত্ৰী সকলে ডঃ ভূপেন হাজৰিকাদেৱৰ ৰচিত "জুই লৈ নেখেলিবি" কবিতাটো দলীয়ভাৱে আবৃত্তি কৰে ।

স্থানীয় কন্ঠশিল্পী ক্ৰমে কমলা মৰাং, ভূৱন মৰাং, শান্ত লইং, প্ৰদীপ লইং, জোন আকাশ, নীত আয়াং, পি কে ৰাজ, বিজয় বাস্তৱ, যতীন মৰাং, উৎপল মিগাং তথা শিশু শিল্পী ক্ৰমে দেৱযানী মৰাং, ভাগ্যশ্ৰী শইকীয়া, প্ৰিয়ানু লইং, বিজুমনি টাইদে গীত পৰিবেশন কৰি শ্ৰুতা দৰ্শকৰ মন জয় কৰে ।

স্মৰ্তব্য যে, এই অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল সদৌ অসম ভিত্তিত গোলাঘাটত অনুষ্ঠিত হোৱা মহেন্দ্ৰ সংগীত প্ৰতিযোগিতা ২০২২ৰ শ্ৰেষ্ঠ গায়ক শ্ৰীযুত দীপক বৰুৱা গীতৰ শৰাই আৰু কবি, সমাজ সংগঠক জয়ন্ত মাধৱ মৰাং আৰু শিশু আবৃত্তিকাৰ অৰ্পিতা লইঙৰ কবিতা আবৃত্তি ।

বিশিষ্ট সাংবাদিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰজন্মৰ সভাপতি ৰিণ্টু দুৱাৰা , জ্যেষ্ঠ শিল্পী সুন্দৰ ফুকন, ছাত্ৰনেতা লাচিত কাকতি, শিক্ষক দুল ৰঞ্জন বৰি, উদীয়মান শিল্পী বিনোদ নৈ, বাদ্যযন্ত্ৰী লৱন ফুকন, তনুজ শইকীয়া, শিক্ষক লোহিত লইং, উপন্যাসিক ডিম্বেশ্বৰ মৰাং, বাঁহী বাদক প্ৰেম কুমাৰ লইং আদি বিশিষ্ট লোকসকল উপস্থিত থাকে । কাৰ্যসূচী অন্তত নামটেমেৰা সাংস্কৃতিক গোষ্ঠী হৈ ডিম্বেশ্বৰ মৰাঙে শলাগৰ শৰাই আগবঢ়ায় ।

bokakhat assam bhupen hazarka