১০১৯.৪৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ…

১০১৯.৪৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ…

author-image
asomiyapratidin
New Update
১০১৯.৪৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ…

ডিজিটেল ডেস্ক: পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰে অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক সন্মিলনত জিলা পৰিবহণ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

Advertisment

মন্ত্ৰীগৰাকীয়ে ২০২১-২২ বিত্তীয় বৰ্ষত ১০১৯.৪৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ ৰখাৰ ক্ষেত্ৰত পৰিবহণ বিভাগৰ সাফল্যৰ প্ৰশংসা কৰে। ইয়াৰ পৰিমাণ ২০২০-২১ বিত্তীয় বৰ্ষত ৭৩৮.৮০ কোটি টকা আছিল। অৰ্থাত এয়া আগৰ বিত্তীয় বৰ্ষৰ তুলনাত ৩৮% বৃদ্ধি পাইছে।

মন্ত্ৰী পাটোৱাৰীয়ে অসমত প্ৰথমবাৰৰ বাবে ১,০০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ সফলতাৰে অতিক্ৰম কৰাৰ বাবে পৰিবহন আয়ুক্তালয়ক বিশেষ বঁটা প্ৰদান কৰে।

তেওঁ সৰ্বাধিক ৰাজহ সংগ্ৰহৰ বাবে গোৱালপাৰাৰ,ডিটিঅ'লৈ বঁটা বিতৰণ কৰে;। ১০০ শতাংশ  লক্ষ্য পূৰ্ণ কৰাৰ বাবে ডিটিঅ', কামৰূপ (প্ৰৱৰ্তন)আৰু  ৰাজহ সংগ্ৰহ আদিৰ ১০০ শতাংশ  লক্ষ্য পূৰণৰ বাবে যোৰহাটৰ ডিটিঅক বঁটা প্ৰদান কৰে।

উল্লেখ্য য়ে, ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে  নিৰ্ধাৰিত ৰাজহ লক্ষ্যৰ ১০০ শতাংশ পূৰ্ণৰ বাবে ২০ খন জিলাক প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়।

আৰু পঢ়ক: হাফিজ চাইদক কাৰাদণ্ড; মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড…

Transport Department Chandra Mohan Patowary