বিজেপিৰ ঢকুৱাখনা জিলা ত্ৰিদেৱ সমিতিৰ প্ৰশিক্ষণ কৰ্মশালা...

বিজেপিৰ ঢকুৱাখনা জিলা ত্ৰিদেৱ সমিতিৰ প্ৰশিক্ষণ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
বিজেপিৰ ঢকুৱাখনা জিলা  ত্ৰিদেৱ সমিতিৰ প্ৰশিক্ষণ কৰ্মশালা...

ডিজিটেল সংবাদ,ঘিলামৰাঃ বিজেপিৰ ঢকুৱাখনা জিলা ত্ৰিদেৱ সমিতিৰ প্ৰশিক্ষণ কৰ্মশালা আজি পশ্চিম ঘিলামৰা ৰাজহুৱা ভৱনত অনুষ্ঠিত হয়। ঘিলামৰা, ঢকুৱাখনা আৰু পশ্চিম ঢকুৱাখনা মণ্ডল বিজেপিৰ পাঁচ শতাধিক কাৰ্যকৰ্তা উপস্থিত থকা লোকসভা নিৰ্বাচন কেন্দ্ৰিক কৰ্মশালাত অংশ গ্ৰহণ কৰি ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে দলীয় সাংগঠনিক শক্তি সৱল কৰাৰ ক্ষেত্ৰত কাৰ্যকৰ্তা সকলে কেনেধৰনৰ ভূমিকা পালন কৰিব লাগিব সেই বিষয়ে মন্তব্য কৰাৰ লগতে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়।

ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মশালাত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ সম্পৰ্কে ব্যাখ্যা কৰি ৰাইজৰ পৰা ভোটভিক্ষা কৰাৰ কৌশলৰ সম্পৰ্কত কাৰ্যকৰ্তা সকলৰ আগত অৱগত কৰে। বিজেপিৰ ৰাজ্যিক সদস্য বসন্ত শইকীয়া, জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু বৰগোহাঁই, ঢকুৱাখনা জিলা বিজেপিৰ উপ সভাপতি সকল, সাধাৰণ সম্পাদক মোহন দলে আৰু বিষ্ণু দত্ত, ঘিলামৰা মণ্ডল বিজেপিৰ সভাপতি চন্দ্ৰেশ্বৰ গগৈ, ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে, পশ্চিম ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি দুলাল দত্ত আদি বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।

ঢকুৱাখনা বিজেপি