পানীৰ গুণাগুণ পৰীক্ষাৰ প্ৰশিক্ষণ

মঙলবাৰে ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ (ISA)উদ্যোগত আৰু গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
পানীৰ গুণাগুণ পৰীক্ষাৰ প্ৰশিক্ষণ

ডিজিটেল সংবাদ, গোলাঘাট: মঙলবাৰে ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ (ISA)উদ্যোগত আৰু গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কমাৰবন্ধা গাওঁ পঞ্চায়ত আৰু বেঙেনাখোৱা গাওঁ পঞ্চায়তৰ সামূহিক ভৱনত খোৱা পানী বিশুদ্ধতাৰ সম্পৰ্কত পানীৰ গুণাগুণ পৰীক্ষণৰ ক্ষেত্ৰ ভিত্তিক সজুঁলিৰ(FTK) সহায়ত এদিনীয়া এক প্ৰশিক্ষণ কাৰ্যসূচী হাতত লোৱা হয়।

Advertisment

উক্ত কাৰ্যসূচীত কমাৰবন্ধা, কলিয়াপানী,আঠগাওঁ আৰু বেঙেনাখোৱা এই চাৰিখন পঞ্চায়তৰ জলজীৱন মিচন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হৈ থকা প্ৰত্যেক গাওঁ সমূহৰ পাঁচগৰাকী মহিলা গোটক পানীৰ গুণাগুণৰ পৰীক্ষাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। উক্ত কাৰ্যসূচীত কমাৰবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি যোগাৰাম বৰা আৰু বেঙেনাখোৱা গাওঁ পঞ্চায়তৰ সভানেত্ৰী টুটুমনি বৰা সৈতে ৱাৰ্ড সদস্য সকল উপস্থিত থাকে। লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হৈ CWC যদুমণি বৰা, দিপ্তী নাথ ৰ লগতে ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ উপদেষ্টা ৰাজেন বৰা আৰু প্ৰকল্প সহযোগী আশিষ চাহু উপস্থিত থাকে।

Also Read: চকী কাৰ? NDA নে INDIA ৰ...