নতুন শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা ষ্টেম ফৰ গাাৰ্লচ প্ৰকল্পৰ প্ৰশিক্ষণ শিবিৰ...

নগাঁও জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰশিক্ষণ কাৰ্য্যসূচী

author-image
Asomiya Pratidin
New Update
নতুন শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা ষ্টেম ফৰ গাাৰ্লচ প্ৰকল্পৰ প্ৰশিক্ষণ শিবিৰ...

nogaon nogaon

ডিজিটেল সংবাদ নগাঁও : বিশ্বায়নৰ এই আধুনিক পৰিৱৰ্তনশীল সমাজ ব্যৱস্থা আৰু অৰ্থ ব্যৱস্থাৰ সৈতে খাপ খুৱাই ল'ব পৰাকৈ নৱপ্ৰজন্মক কৰ্মক্ষম হোৱাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন কৰা হৈছে। যাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে নতুন শিক্ষা নীতি।

Advertisment

নতুন শিক্ষা নীতিত আগন্তুক দিন সমূহত শিক্ষাৰ বিষয়, শিক্ষাদান প্ৰদ্ধতি আদি বিভিন্ন বিষয় সমূহত ব্যপক পৰিবৰ্তন হ'ব। বিশ্বায়নৰ যুগত প্ৰকৃতিৰ পৰিবৰ্তন, মানূহৰ চিন্তাৰ পৰিবৰ্তন, সামাজিক পৰিবৰ্তন আদি সকলো দিশৰ পৰিবৰ্তনৰ লগে লগে শিক্ষা জীৱিকা আদিটো ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছ। তাৰ বাবে চৰকাৰে আৰম্ভ কৰিবলৈ লোৱা এই নতুন শিক্ষা নীতিৰ ব্যক্তি ব্যৱহাৰ, সামাজিক ব্যৱহাৰ, লিংগ বৈষম্যতা, একবিংশ শতিকাৰ কৌশল, কডিং আদি বিষয় সামৰি আৰম্ভ হৈছে ষ্টেম ফৰ গাাৰ্লচ(STEM FOR GIRLS) শীৰ্ষক এক প্ৰকল্প।

২০২০ চনৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ শতাধিক চৰকাৰী বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি ষ্টেম ফৰ গাাৰ্লচ কাৰ্যসূচী সফলতাৰে ৰূপায়ন হৈ আছে। এইবেলিও অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত উত্তৰ-পূবৰ অগ্ৰনী স্বেচ্ছাসেৱী সংস্থা এন ইএ আই ডিয়ে ৰাজ্যৰ ২৯ খন জিলাৰ দুই শতাধিক নিৰ্বাচিত বিদ্যালয়ত এই কাৰ্যক্ৰম আৰম্ভ কৰিছে।

তাৰে অংশ হিচাপে সোমবাৰৰ পৰা নগাঁও জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰশিক্ষণ কাৰ্য্যসূচী। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষা বিভাগৰ নগাঁও জিলা আঁচনি বিষয়া প্ৰশান্ত কোঁৱৰে।

অনুষ্ঠানটিত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, অধ্যক্ষা দীপিকা লস্কৰ, অধ্যাপক সুৰজিৎ মহন্ত, ৰিনিতা সিংহা, উৰ্বশী দেৱী, ছেলিম ইউচুফ আহমেদ, ৰহিত কুমাৰ শৰ্মাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। দিব্যজ্যোতি বৰুৱাই আঁত ধৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত নগাঁও জিলাৰ ৪০ খন চৰকাৰী বিদ্যালয়ৰ ৮০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে অশ্বিনী গোবিন্দে।

assam news education policy education