/asomiyapratidin/media/media_files/2025/02/23/VsbbshwrpugW4CqExoS4.jpg)
ডিজিটেল সংবাদ শিলচৰ: ৰাজ্যত পুনৰ চলন্ত ৰেলত অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। এইবাৰ কাছাৰ জিলাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । নিশা শিলচৰ- তিনিচুকীয়া (বৰাক-ব্ৰহ্মপুত্ৰ) এক্সপ্ৰেছত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। শিলচৰৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা কৰাৰ পিচত বিহাড়াত ষ্টেচনত হঠাতে ৰেলখনৰ এটা ডবাত জুইৰ সূত্ৰপাত ঘটে । এই ঘটনাত আতংকিত হৈ পৰে যাত্ৰী সকল।
নিমিষতে হূলস্হুল লাগে যাত্ৰী সকলৰ মাজত। অৱশ্যে, ৰে’ল আৰক্ষীয়ে তৎপৰতাৰে জুই নিৰ্বাপণ কৰাৰ ফলত কথমপি এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৰেলখনৰ যাত্ৰী সকল। যান্ত্ৰিক বিজুতিৰ ফলতে জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।