/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0422734f-2bd7-48b7-b676-431da2185a26/ytf.jpg)
ডিজিটেল ডেস্কঃ জনপ্ৰিয় কৌতুক অভিনেতা তথা পেৰেডী গীতৰ ৰচক ত্ৰৈলোক্য সোনোৱাল আৰু নাই। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪.২৫ বজাত ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তেওঁৰ।
এটাৰ পাছত আন এটা পেৰেডী গীত অসমৰ ৰাইজলৈ আগবঢ়াই জনপ্ৰিয় হৈ পৰিছিল কমেডি ৰজা তথা খুহুটীয়া বিহুগীতৰ সম্ৰাটগৰাকী। 'লোকেল চুলাই' খ্যাত কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত তেওঁৰ গুণমুদ্ধসকলৰ মাজত শোকৰ ছাঁ পৰিছে।
উত্তৰ লখিমপুৰৰ নিবাসী আছিল তেওঁ। পেৰডী গীতেৰে অমসবাসীৰ হৃদয়ত স্থান ল'বলৈ সক্ষম হৈছিল কণ্ঠশিল্পীগৰাকীয়ে। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰতো তেওঁ গীত ৰচনা কৰি সমস্যা সমূহ উপস্থাপন কৰিছিল। প্ৰায় ২৫ বছৰ ধৰি পেৰডী গীত গাই ৰাইজক মন্ত্ৰমুগ্ধ কৰি আহিছিল ত্ৰৈলোক্য সোণোৱালে।
Also Read: ৰামধেনু আকৃতিৰ নিৰ্মাণ হৈছে মালিগাঁও উৰণীয়া সেতু, অতি শীঘ্ৰেই আৰম্ভ হ'ব নতুন কাম...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us