দৈগ্ৰোঙত কৰুণ ঘটনা : একেলগে জ্বলিল মাতৃ-পুত্ৰৰ চিতা

দৈগ্ৰোঙত কৰুণ ঘটনা : একেলগে জ্বলিল মাতৃ-পুত্ৰৰ চিতা

author-image
Asomiya Pratidin
New Update
দৈগ্ৰোঙত কৰুণ ঘটনা : একেলগে জ্বলিল মাতৃ-পুত্ৰৰ চিতা

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰোঙত সংঘটিত হৈছে কৰুণ ঘটনা। একেটা ঘৰতে একেলগে জ্বলিল মাতৃ-পুত্ৰৰ মৃতদেহ। অঞ্জনা গড় নামৰ এগৰাকী মহিলা অসুস্থ হৈ থকাৰ পিছত শুকুৰবাৰে চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু হোৱাৰ পিছত পুত্ৰ নগেণ গড় নিশা অসুস্থ হৈ পৰিছিল।

Advertisment

অতি দুখীয়া পৰিয়ালটোৱে চিকিৎসাৰ বাবে ১০৮ মৃত্যুঞ্জয় সেৱাক ফোন কৰিছিল যদিও ১০৮ তেওঁলোকৰ ঘৰত উপস্থিত নোহোৱাৰ অভিযোগ কৰে। ইয়াৰ ফলত অৱশেষত নিজ ঘৰতেই চিকিৎসাৰ অভাৱত মৃত্যু হোৱা মহিলাগৰাকীৰ পুত্ৰ নগেন গড়েও মৃত্যুক আকোঁৱালি ল'ব লগা হয়।‌

সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত গভীৰ শোকে বিৰাজ কৰিছে। মাতৃ-পুত্ৰৰ একেলগে চিতাত উঠাৰ এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ শোকৰ ছাঁ পেলাইছে।

Also Read: মিচিং স্বায়ত্বশাসিত পৰিষদৰ সীমাৰ অন্তৰ্ভূক্তিকৰণ কোনো কাৰণতে মানি লোৱা নহ'ব : সমষ্টি আৰক্ষণ মুক্ত দাবী সমিতি

numaligarah