ঢকুৱাখনাত ৬ টা শগুনৰ মৰ্মান্তিক মৃত্যু

চিকিৎসকৰ প্ৰচেষ্টাত প্ৰাণ বাছিল দুটাৰ
ঢকুৱাখনাত ৬ টা শগুনৰ মৰ্মান্তিক মৃত্যু

ডিজিটেল সংবাদ, ঢকুৱাখনা : প্ৰকৃতিৰ জমাদাৰ হিচাবে পৰিচিত  মুঠ ৬ টা দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুনৰ শুক্ৰবাৰে ঢকুৱাখনাত অকাল মৃত্যু ঘটাৰ খবৰে প্ৰকৃতি প্ৰেমী আৰু নাগৰিকক মৰ্মাহত কৰিছে । ঘটনাৰ বিবৰণি অনুসৰি ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগিচা গাঁওৰ এখন পথাৰত শুক্ৰবাৰে ৬ টাকৈ শগুন মৃত্যু  হৈ পৰি ৰোৱাৰ খবৰ লাভ কৰে প্ৰকৃতি সংৰক্ষক  ধ্ৰুৱ জ্যোতি চেতিয়াই ।

শুক্ৰবাৰে বিয়লিপ্ৰায় ২ বজাত লাভ কৰা এই দুৰ্ভাগ্যজনক খবৰৰ পম খেদি চেতিয়াই  প্ৰকৃতি প্ৰেমী বিমান চেতিয়া, মানস জ্যোতি দত্ত , পুতুকণ চেতিয়া আদিৰে সহযোগিতাত উক্ত পথাৰত অনুসন্ধান চলাই ৬ টা "হিমালয়ান গ্রীফন" প্ৰজাতিৰ দুষ্প্ৰাপ্য শগুন মৰি থকাৰ লগতে দুটা সংকটজনক অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি মেগামিক্স প্ৰকৃতি সংঘ আৰু  বন বিভাগক অৱগত কৰে ।

পৰৱৰ্তী সময়ত  প্ৰকৃতি সংঘৰ বিষয়ববীয়া সকলৰ লগতে বন বিভাগৰ এটা দল আৰু ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰূপম গগৈ ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। চিকিৎসক ডাঃ গগৈ আৰু চিকিৎসা কৰ্মীৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত দুটা মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰা শগুনৰ প্ৰাণ ৰক্ষা পৰে ।

ইপিনে মৃত শগুন কেইটা বন বিভাগৰ জিম্মাত ৰাখি কাইলৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব চিকিৎসকে । অকস্মাতে পথাৰখনত  উদ্ধাৰ হোৱা ৬ টাকৈ মৃত শগুনকলৈ চিন্তিত হৈ পৰিছে প্ৰকৃতি প্ৰেমী সকল। ক'ৰ পৰা কি কাৰণত এই শগুন কেইটা আহি অকাল মৃত্যুক সাৱটি ললে তাৰ কোনো উৱাদিহ ওলোৱা নাই অদ্যপি ।

আশংকা কৰা মতে কোনো  অজ্ঞাত স্থানত বিহ যুক্ত খাদ্য ভক্ষণ কৰাৰ পৰিণতিত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । ঘটনা স্থলীৰ আশে পাশে অধিক শগুনৰ অপ মৃত্যু ঘটাৰ আশংকা কৰি সমগ্ৰ এলেকাত অনুসন্ধান অব্যাহত ৰাখিছে প্ৰকৃতি সংৰক্ষক যুৱক সকলে।

উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱা স্থানৰ  সমীপতে এটা অৰ্ধগলিত কুকুৰৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও এইটো শগুন কেইটাই ভক্ষণ কৰাৰ কোনো প্ৰমাণ লাভ কৰা নাই বুলি জনা গৈছে । হিমালয়ৰ পাদ দেশৰ পৰা প্ৰবজিত এই দুষ্প্ৰাপ্য শগুন কেইটাৰ অকাল মৃত্যুৰ কাৰণ সন্দৰ্ভত আৰক্ষী ,বন বিভাগৰ লগতে প্ৰকৃতিৰ  সংগঠন মেগামিক্স প্ৰকৃতি সংঘৰ অভিযান অব্যাহত আছে । ইপিনে সুস্থ  শগুন দুটা শনিবাৰে পুনৰ এৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে।

ঢকুৱাখনাত ৬ টা শগুনৰ মৰ্মান্তিক মৃত্যু
বৈকুন্ঠপুৰীলৈ ৰূপান্তৰিত হ'ল জামুগুৰিহাটৰ পাচিগাঁৱৰ বাসুদেৱ থান অঞ্চল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in