নিমনাগড়ত প্ৰকাণ্ড গছ উভালি ব্যাহত যাতায়ত ব্যৱস্থা

আৱদ্ধ হৈ পৰিছে গুৱাহাটী পৰা অহা নৈশ যান-বাহন
নিমনাগড়ত প্ৰকাণ্ড গছ উভালি ব্যাহত যাতায়ত ব্যৱস্থা

ডিজিটেল সংবাদ,চৰাইদেউ : নিমনাগড়ত প্ৰকাণ্ড গছ উভালি ব্যাহত যাতায়ত ব্যৱস্থা। চৰাইদেউ জিলাৰ নিমনাগড় অঞ্চলত সোণাৰি- শিৱসাগৰ সংযোগী ধোদৰ পথৰ ওপৰত উভালি পৰে প্ৰকাণ্ড গছ এডাল ।

নিশাৰভাগত পথৰ ওপৰতে গছজোপা উভালি পৰাৰ ফলত পথছোৱাত সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে। অৱশ্যে এই ঘটনাৰ ফলত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, শনিবাৰে নিশা হোৱা প্ৰবল বৰষুণৰ ফলত পথৰ ওপৰত গছডাল বাগৰি পৰে। পথৰ মাজতে বহু সময় ধৰি আবদ্ধ হৈ পৰিছে গুৱাহাটীৰ পৰা সোণাৰি অভিমুখী নৈশ বাছৰ লগতে শ-শ যান-বাহন।

পথৰ দাঁতিতে থকা প্ৰকাণ্ড গছডাল উভালি পৰা ফলত বিদ্যুতৰ তাঁৰ চিঙি যোৱাত সম্প্ৰতি বিদ্যুত ব্যাহত হৈ আছে ৷ আনহাতে আৰক্ষী- প্ৰশাসন তথা স্থানীয় ৰাইজে পথছোৱা মুকলি কৰিবলৈ দ্ৰুতগতিত প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

নিমনাগড়ত প্ৰকাণ্ড গছ উভালি ব্যাহত যাতায়ত ব্যৱস্থা
হৰিণৰ বাবে বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ বিশেষ ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in