/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6467be14-a65a-48a9-a0e8-8f47d49420fb/3.jpg)
ডিজিটেল সংবাদ , বেবেজীয়াঃ মধ্য অসমৰ আটাইতকৈ পুৰণি তথা আহোম স্বৰ্গদেউ চুহুংমুৰ দিনৰে পৰা অনুষ্ঠিত হোৱা ঐতিহাসিক বাৰপূজীয়া ম'হ যুঁজ প্ৰতিযোগিতা অহা ৩ মাঘ তাৰিখে অনুষ্ঠিত হ'ব।
বিগত ২০১৬ চনৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ পৰম্পৰাগত ম'হ যুঁজ, বুলবুলি যুঁজ, কুকুৰাযুঁজ আদি খেল সমূহ অসমত বন্ধ আছিল যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰচেষ্ঠাত পুনৰ এচঅ'পি অনুসৰি এই খেল সমূহ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাত পুনৰ আয়োজন কৰিছে ম'হযুঁজ।
শনিবাৰে বাৰপূজীয়া আঞ্চলিক ম'হ যুঁজ সমিতিয়ে বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ্য অনুসৰি , আহোম ৰাজত্বৰ কালত অঞ্চলৰ কৰতলীয়া ৰজা সকলৰ পৰা অসমীয়া বছৰৰ প্ৰতি মাঘ মাহত কৰ তুলিবলৈ আহিছিল। সেই সময়ত তেওঁলোকে হাতী ব্যৱহাৰ কৰিছিল। সেই হাতীবোৰ নি ৰহা- বাৰপূজীয়া সংযোগী হাতীবন্ধা ডুবিত গা ধুৱাই বান্ধি ৰাখিছিল আৰু তেতিয়াৰ পৰাই ঠাইখিনিৰ নাম হাতীবান্ধা বুলি জনাজাত হয়।
পৰৱৰ্তী সময়ত সেই ঠাইতে ব্ৰিটিছ সকলে এখন দলং নিৰ্মাণ কৰে আৰু সেই দলং খনৰ নামো হাতীবান্ধা দলং হিচাপে জনাজাত হয়। আনহাতে হাতী বান্ধি মাউত সকলে একগোট হৈ ওচৰৰে এখন পথাৰত জলপান খাইছিল। তেতিয়াৰ পৰা পথাৰখনে কৰাইগুৰি পথাৰ হিচাপে স্বীকৃতি লাভ কৰে। সেই স্থানতে কৰতলীয়া ৰজা আৰু পালি পহৰীয়া সকলে মনোৰঞ্জনৰ বাবে ম'হ যুঁজ পাতিছিল। সেই ম'হ যুঁজ খনেই পাছলৈ প্ৰতিযোগিতা হিচাবে প্ৰচলিত হ'ল।সেই ৰজাদিনীয়া পৰম্পৰাক আজিও বাৰপূজীয়া স্থানীয় ৰাইজে বাপতি সাহোন হিচাপে পালন কৰি বৰ্তমান পৰ্যন্ত ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে।
উল্লেখ্য যে, পূৰ্বতে প্ৰতিযোগিতাখনি ২৬ জানুৱাৰীত অনুষ্ঠিত কৰিছিল যদিও, ভোগালী বিহুৰ পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি প্ৰায় পঞ্চাশ বছৰ কাল প্ৰতি মাঘ মাহৰ ৩ তাৰিখে অনুষ্ঠিত কৰি আহিছে। কিন্তু বিগত ন বছৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আনুষ্ঠানিক ভাবে ম'হযুঁজ বন্ধ হোৱাৰ পাছত অসম চৰকাৰৰ প্ৰচেষ্টাত পুনৰ অসমীয়া পৰম্পৰাগত ম'হ যুঁজ পুনৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে স্থানীয় ৰাইজে। তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই আয়োজক সমিতিয়ে।
Also Read: প্ৰেমৰ বাবে হৈছিল যৌন সম্পৰ্কঃ কিশোৰী ধৰ্ষণৰ অভিযুক্তক জামিন ন্যায়ালয়ৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us