ৰাজ্যত বিয়পিছে ভুৱা ট্ৰেডাৰৰ শিপাঃ বন বিভাগৰ কৰ্মচাৰী, শিক্ষকো আৰক্ষীৰ জালত...

ৰূপহীহাটত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ধন সংগ্ৰহ কৰা ৬ জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ
ৰাজ্যত বিয়পিছে ভুৱা ট্ৰেডাৰৰ শিপাঃ বন বিভাগৰ কৰ্মচাৰী, শিক্ষকো আৰক্ষীৰ জালত...
ৰাজ্যত বিয়পিছে ভুৱা ট্ৰেডাৰৰ শিপাঃ বন বিভাগৰ কৰ্মচাৰী, শিক্ষকো আৰক্ষীৰ জালত...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত ভুৱা ট্ৰেডিঙৰ নামত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে আৰম্ভ কৰা এই অভিযানত এই পৰ্যন্ত কেইবাজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইবাজনকো আটক কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীয়ে আৰম্ভ কৰা এই অভিযানৰ মাজতে ডিব্ৰুগড়ত বিশাল ফুকন আৰু তেওঁৰ মেনেজাৰ বিপ্লৱ হাজৰিকা, গুৱাহাটীত স্বপ্ননীল দাসৰ উপৰিও ধুবুীৰত দুজন, নগাওঁ জিলাৰ ৰূপহীহাটত ৬ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ৰাজ্যত অবৈধভাৱে একাংশই ট্ৰেডিঙৰ নামত সাধাৰণ লোকক অধিক মুনাফা লাভৰ আশা দেখুৱাই সাঁচতীয়া ধন বিনিয়োগ কৰোৱাই লুণ্ঠন চলাই আহিছে। সাধাৰণ লোকৰ পৰা হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰি বিলাসী জীৱন কটোৱা এইসকল ভুৱা ট্ৰেডাৰৰ বিৰুদ্ধে আৰক্ষীক প্ৰয়োজনত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

সেই অনুসৰিয়েই ধুবুৰী আৰু আগমনিৰ পৰা নিশা আৰক্ষীয়ে আটক কৰে দুই ভুৱা ট্ৰেডাৰক। আটকাধীন এই দুই ভুৱা ট্ৰেডাৰ ক্ৰমে শংকৰ কুমাৰ বিশ্বাস আৰু ৰফিকুল ইছলাম।

আনহাতে নগাওঁ জিলাৰ ৰূপহীহাটতো অনা-বিত্তীয় প্ৰতিষ্ঠানৰ নামত ধন সংগ্ৰহৰ অভিযোগত আৰক্ষীয়ে ৬ জনকৈ লোকক আটক কৰিছে। এই ছজনৰ বিৰুদ্ধে আছে নীতি বহিৰ্ভূত ভাৱে বিত্তীয় প্ৰতিষ্ঠান চলাই থকাৰ অভিযোগ।

উল্লেখ্য যে, গৌৰীপুৰৰ দাওভাঙি অঞ্চলৰ বাসিন্দা তথা বন বিভাগৰ কৰ্মচাৰী শংকৰ কুমাৰ বিশ্বাসক নিশা ধুবুৰীৰ ১ নং ৱাৰ্ডৰ ভাড়াঘৰৰ পৰা ধুবুৰী আৰক্ষীয়ে আটক কৰিছে। অভিযোগ অনুসৰি টাইটেন কেপিটেল মাৰ্কেট নামৰ অনলাইন কোম্পানীত ধন বিনিয়োগৰ নামত শংকৰ কুমাৰ বিশ্বাসে ধন সংগ্ৰহ কৰিছিল। ভুৱা ট্ৰেডাৰ শংকৰ কুমাৰ বিশ্বাসে মাহত ২১ শতাংশ লাভ দিয়াৰ প্ৰলোভন দিছিল বিনিয়োগকাৰীসকলক।

শংকৰ কুমাৰ বিশ্বাসৰ উপৰিও জিলাথনৰ হালাকৰা হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ দীনেশ চন্দ্ৰ ৰায়, কম্পিউটাৰ শিক্ষক ৰফিকুল ইছলামেকোটি কোটি টকা সংগ্ৰহ কৰি হজম কৰাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগীৰ এনে অভিযোগৰ ভিত্তিতে নিশা ধুবুৰী আৰক্ষীয়ে শংকৰ কুমাৰ বিশ্বাসক আটক কৰাৰ সমান্তৰালকৈ আগমণি আৰক্ষীয়ে কম্পিউটাৰ শিক্ষক ৰফিকুল ইছলামকো আটক কৰিছে।

সেইদৰে নগাওঁ জিলাৰ ৰূপহীহাটত অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধেও নিশা আৰক্ষীয়ে অভিযান চলাই মুঠ ৬ জনক আটক কৰিবলৈ সক্ষম হৈছে। বেআইনী ভাৱে বিত্তীয় প্ৰতিষ্ঠান চলাই অহাৰ অভিযোগত আটক কৰা এইসকলৰ নাম ক্ৰমে আনুৱাৰ হুছেইন , ইনামুল হুছেইন , ইক্ৰামূল হক , ইনামুল ইছলাম,মাইনুল হক চৌধুৰী আৰু জহিৰুল ইছলামক।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে জন সেৱা মা্ল্টিপাৰপ'জ কো- অপাৰেটিভ ছ'ছাইটি লি:, জোনাকী ছেলফ হেলফ গ্ৰুপ, গ্ৰাম্য উন্নয়ন ছেভ এণ্ড ক্ৰেডিট এই তিনিটা নামেৰে প্ৰতিষ্ঠান খুলি অবৈধভাৱে ধনৰ লেনদেন কৰি আহিছিল। তাৰোপৰি তেওঁলোকৰ বিৰুদ্ধেও আছে ধন আত্মসাৎৰ অভিযোগ।

ৰূপহীহাট আৰক্ষীয়ে আটক কৰা এই ছজন লোকৰ বিৰুদ্ধে ২৫০/২৪ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি পৰৱৰ্তী সময়ত আটাইকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

ৰাজ্যত বিয়পিছে ভুৱা ট্ৰেডাৰৰ শিপাঃ বন বিভাগৰ কৰ্মচাৰী, শিক্ষকো আৰক্ষীৰ জালত...
দীপাংকৰ, বিশালৰ পিছত স্বপ্ননীলঃ আৰু বা কিমানে মেলিছে ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in