হ্ৰাস পাইছে নেকি ২০১৪ৰ তুলনাত ২০১৯ৰ নিৰ্বাচনত ভোটদানৰ হাৰ, প্ৰতিখন ৰাজ্যৰ ভোটদানৰ হাৰ কিমান

হ্ৰাস পাইছে নেকি ২০১৪ৰ তুলনাত ২০১৯ৰ নিৰ্বাচনত ভোটদানৰ হাৰ, প্ৰতিখন ৰাজ্যৰ ভোটদানৰ হাৰ কিমান

author-image
asomiyapratidin
New Update
হ্ৰাস পাইছে নেকি ২০১৪ৰ তুলনাত ২০১৯ৰ নিৰ্বাচনত ভোটদানৰ হাৰ, প্ৰতিখন ৰাজ্যৰ ভোটদানৰ হাৰ কিমান

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশৰ ১৩ খন ৰাজ্যৰ ৯৬ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হয় ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্বাচন আয়োগে সদৰি কৰা মতে এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত সন্ধিয়া ৫.৪১ বজালৈকে মুঠ ৬১.১২ শতাংশ ভোটদান সম্পন্ন হৈছে।

ইয়াৰে সৰ্বাধিক ভোটদান সম্পন্ন হোৱা ৰাজ্য হৈছে পশ্চিম বংগ। ৰাজ্যখনৰ ভোটদানৰ হাৰ হৈছে ৭৫.২৭ শতাংশ। আনহাতে সৰ্বনিম্ন ভোটদান সম্পন্ন হৈছে জম্মু-কাশ্মীৰত। সন্ত্ৰাসজৰ্জৰ ৰাজ্যখনত ভোটদানৰ হাৰ হৈছে ৪৩.৩৭ শতাংশ। এই দুই ৰাজ্যৰ বাহিৰে অসমত ৭৩.৩২ শতাংশ, বিহাৰত ৫৮.১৪ শতাংশ, ছত্তীশগড়ত ৬৮.৭০ শতাংশ, কৰ্ণাটকত ৬১.৮০ শতাংশ, মহাৰাষ্ট্ৰত ৫৫.৩৭ শতাংশ, মণিপুৰত ৭৪.৬৯ শতাংশ, ওড়িশাত ৫৭.৪১ শতাংশ, পুডুচেৰীত ৭২.৪০ শতাংশ, তামিলনাডুত ৬১.৫২ শতাংশ আৰু উত্তৰ প্ৰদেশত ৫৮.১২ শতাংশ ভোটদান সম্পন্ন হৈছে।

উল্লেখ্য যে, মুঠ ৯ টা পৰ্যায়ত অনুষ্ঠিত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সন্ধিয়া ৫ বজা পৰ্যন্ত মুঠ ভোটদানৰ হাৰ আছিল ৬৪.০১ শতাংশ। কিন্তু নিৰ্বাচন আয়োগে সদৰি কৰা তথ্য অনুসৰি ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত সন্ধিয়া ৫.৪১ বজালৈকে ভোটগ্ৰহণৰ হাৰ ৬১.১২। অৰ্থাৎ পূৰ্বৰ তুলনাত এইবাৰ ভোটদানৰ হাৰ প্ৰায় ৩ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

কিন্তু কেইবাখনো ৰাজ্যৰ কেইবাটাও সমষ্টিৰ ভোটগ্ৰহণ সন্ধিয়া ৫ বজাত অন্ত পৰে যদিও আন কেইবাটাও সমষ্টিত ভোট গ্ৰহণ পৰ্ব এতিয়াও চলি থকা বুলি জানিব পৰা গৈছে। সন্ধিয়া ৫ বজাৰ পূৰ্বে ভোটকেন্দ্ৰত উপস্থিত হোৱা ভোটাৰসকলে নিশা পৰ্যন্ত ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব বুলি জানিবলৈ দিছে নিৰ্বাচন আয়োগে। তেনে পৰিপ্ৰেক্ষিতত ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।