অসমৰ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্যৰ স্থানপ্ৰাপ্তসকলক ইউএছটিএমৰ দ্বাৰা সম্বৰ্দ্ধনা আৰু পুৰস্কৃত…

অসমৰ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্যৰ স্থানপ্ৰাপ্তসকলক ইউএছটিএমৰ দ্বাৰা সম্বৰ্দ্ধনা আৰু পুৰস্কৃত…

author-image
asomiyapratidin
New Update
অসমৰ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্যৰ স্থানপ্ৰাপ্তসকলক ইউএছটিএমৰ দ্বাৰা সম্বৰ্দ্ধনা আৰু পুৰস্কৃত…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্বীকৃতি প্ৰদান আৰু সন্মানিত কৰা আৰু তাৰ দ্বাৰা আনকো সফলতাৰ দিশত অনুপ্ৰেৰণা যোগোৱাটো ইউনিভাৰচিটী অব্ চায়েন্স এণ্ড টেকন'লজি মেঘালয় আৰু ইয়াৰ পৃষ্ঠপোষক ইআৰডি ফাউণ্ডেশ্বন গুৱাহাটীৰ সদায়েই এক পৰম্পৰা হৈ আহিছে। এই পৰম্পৰা আগত ৰাখি ইউএছটিএমে আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্যৰ স্থানপ্ৰাপ্তসকলক তেওঁলোকৰ উৎকৃষ্ট ফলাফলৰ বাবে সম্বৰ্ধনা জনায়। এই বছৰ অসমত উচ্চতৰ মাধ্যমিকৰ মুঠ ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰী- কলা শাখাত ২১ গৰাকী, বিজ্ঞান শাখাত ২০ গৰাকী আৰু বাণিজ্য শাখাত ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰে।

Advertisment

ইআৰডিএফৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিং চেন্টাৰ ভিজন ৫০ একাডেমীৰ সহযোগত তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই কৃৰ্তীমান ছাত্ৰ-ছাত্ৰীসকলক স্মাৰক, প্ৰমাণ পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। ইউএছটিএমৰ আচাৰ্য মেহবুবুল হক, উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা, পৰামৰ্শদাতা ড০ আৰ কে শৰ্মা, প্ৰোঃ উপাচাৰ্য ড০ বি কে দাস আৰু ডিন, পিকিউএইচএছই অধ্যাপিকা গায়ত্ৰী গোস্বামীয়ে পুৰস্কাৰসমূহ অৰ্পণ কৰে।

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত শীৰ্ষস্থানপ্ৰাপ্ত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাক তেওঁৰ উৎকৃষ্ট ফলাফলৰ বাবে সম্বৰ্ধনা জনোৱা হয় আৰু এক লাখ টকাৰে পুৰস্কৃত কৰা হয়। ইউএছটিএমৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই কীৰ্তিমান ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁলোকৰ সংশ্লিষ্ট বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰামৰ্শদাতাসকলো আহে।

সমাবেশক আদৰণি জনাই ইউএছটিএমৰ আচাৰ্য মেহবুবুল হকে কয়, "আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ইউএছটিএমলৈ অহা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰামৰ্শদাতাসকলক আমি অভিনন্দন আৰু ধন্যবাদ জনাইছো। যুৱসমাজক উৎসাহিত কৰাৰ আমাৰ এক সংস্কৃতি আছে, অকল এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েই নহয় বৰং আমি বাহিৰৰ ছাত্ৰ-ছাত্ৰীকো আমন্ত্ৰণ জনাও। আমি বিশ্বাস কৰো যে মেধা হৈছে যিকোনোধৰণৰ শৈক্ষিক উৎকৃষ্টতাত উপনীত হোৱাৰ এক প্ৰধান বৈশিষ্ট্য"

তেওঁ কয় যে মেডিকেল, ইঞ্জিনিয়াৰিঙৰ দৰে পৰম্পৰাগত কেৰিয়াৰ অধ্যয়ন কৰাৰ পৰিৱৰ্তে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অৰিহণা যোগাবলৈ অসামৰিক আৰু গৱেষণাৰ বিষয় বাছি ল'ব লাগে।"ইউএছটিএমে সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলাত উৎসাহিত তথা সহায় কৰি আহিছে যাতে এই অঞ্চলৰ আৰু অধিক ছাত্ৰ-ছাত্ৰীয়ে দেশৰ এই সন্মানীয় পৰীক্ষাত সফলতা লাভ কৰিব পাৰে।"

স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা আৰু পুৰস্কৃত কৰাৰ পাছত ইউএছটিএমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই সমাৱেশত উপস্থিত সকলোকে সম্বোধন কৰে। তেওঁ কয় যে সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীৰে মহান বিজ্ঞানী, অভিযন্তা, চিকিৎসক, অসামৰিক বিষয়া হোৱাৰ ভিন ভিন লক্ষ্য থাকে আৰু তেওঁলোকৰ স্বপ্নত উপনীত কৰোৱাৰ বাবে ছাত্ৰ সমাজক উৎসাহিত কৰাৰ ক্ষেত্ৰত ইউএছটিএমৰ এক পৰম্পৰা আছে।

প্ৰোঃ উপাচাৰ্য ড০ বলেন্দ্ৰ কুমাৰ দাসে শলাগৰ শৰাই আগবঢ়ায়। প্ৰত্যেককে ধন্যবাদ জনাই আৰু ছাত্ৰ-ছাত্ৰীসকলক তেওঁৰ শুভকামনা জ্ঞাপন কৰি তেওঁ কয় যে শিক্ষাই হৈছে জীৱনৰ বিভিন্ন স্তৰত মানুহক উত্তম আৰু অধিক উৎপাদনশীল কৰাৰ কাৰ্যকৰী পথ।