এইবাৰ “টমেটো ফ্লু”ৰ আতংক…

এইবাৰ “টমেটো ফ্লু”ৰ আতংক…

author-image
asomiyapratidin
New Update
এইবাৰ “টমেটো ফ্লু”ৰ আতংক…

ডিজিটেল ডেস্ক : কৰ'ণা ভাইৰাছ, মাংকিপক্সৰ পাছত এইবাৰ টমেটো ফ্লু। ই এক নতুন ৰোগ। ভাৰতৰ কেৰালা, ওড়িশাত ধৰা পৰিছে এই নতুন ৰোগত আক্ৰান্ত হোৱা বহুকেইগৰাকী ৰোগী। কভিড মহামাৰীৰ ভয়ৱহতা মাৰ নাযাওতেই মাংকিপক্স, টমেটো ফ্লুৰ দৰে ৰোগে দেখা দিছে ভাৰতত।

Advertisment

চিকিৎসকৰ মতে বিশেষকৈ শিশুসকল এই ৰোগত আক্ৰান্ত হৈছে। এই ৰোগ হলে ৰোগীৰ দেহৰ হাত, ভৰি, মুখত দেখা দিয়ে পানীজলা। বসন্ত ৰোগৰ দৰেই দেখা দিয়া লক্ষণৰ এই ৰোগবিধ কেৰেলাৰ কল্লামত প্ৰথম এটি শিশুৰ দেহত ধৰা পৰিছিল এই ৰোগ। তাৰ পাছত এই ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা ৮২ টালৈ বৃদ্ধি হয়।

উল্লেখ্য যে ৰোগীৰ শৰীৰত দেখা দিয়া পানীজলা সমূহৰ আকাৰ সৰু সৰু বিলাহীৰ দৰে হোৱাৰ বাবে ৰোগিবধক টমেটো ফ্লু নামেৰে জনা যায়। ইয়াৰ উপৰিও এই ৰোগত আক্ৰান্ত হলে ৰোগীৰ তীব্ৰ জ্বৰ, গা বিষ, গাঁঠি ফুলি উঠা আদি লক্ষ্যণে দেখা দিয়ে।

assam india