মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাৰ আজি ৫২ সংখ্যক স্মৃতি দিৱস

মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাৰ আজি ৫২ সংখ্যক স্মৃতি দিৱস

author-image
Asomiya Pratidin
New Update
মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাৰ আজি ৫২ সংখ্যক স্মৃতি দিৱস

ডিজিটেল ডেস্ক : মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাৰ আজি ৫২ সংখ্যক স্মৃতি দিৱস। প্ৰণিধানযোগ্য যে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ নেতৃত্ব বহন কৰা সেই সময়ৰ নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক অনিল বৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে হোজাইলৈ যাওতে দুৰ্বৃত্তৰ দলে তেঁওক আবদ্ধ কৰি ৰাখিছিল। ইয়াৰ পৰৱৰ্তী সময়ত অনিল বৰা সন্ধানহীন হৈ পৰে।  

Advertisment

পিছত তেঁওৰ মৃতদেহ উদ্ধাৰ হয় যদিও, তেঁওৰ মূৰ আজি পৰ্যন্ত বিচাৰি পোৱা নগ’ল। তেঁওৰ শৰীৰ বাকী অংশ আৰু পিন্ধি থকা কাপোৰৰ লগতে হাতৰ আঙঠিৰ সহায়ত পৰিয়ালৰ লোকে তেঁওক অনিল বৰা বুলি চিনাক্ত কৰাৰ পাছত নগাঁও চহৰত তেঁওৰ শেষকৃত্য সম্পন্ন হয়।

আনহাতে অনিল বৰাৰ এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অসমক জোকাৰি যায়। সেই সময়ত নগাঁৱতো তীব্ৰ আন্দোলনৰ সৃষ্টি হৈছিল। প্ৰণিধানযোগ্য যে নগাঁও জিলাৰ পলাশনীত ঘৰ আছিল অনিল বৰাৰ।

তাৰোপৰি তেঁওৰ পিতৃ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী। তেঁওৰ জ্যেষ্ঠ ভাতৃ অতুল বৰা আছিল এসময়ৰ স্বাস্থ্য সঞ্চালক। সেই সময়ৰ নেতাই ব্যক্তিগতভাৱে আৰু সদৌ অসম ছাত্ৰ সন্থাই আনুষ্ঠানিকভাৱে আজি অনিল বৰাৰ সজল স্মৃতিত স্মৃতিচাৰণ কৰে। লগতে আন বিভিন্ন দল- সংগঠনেও তেঁওৰ স্মৃতিত সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান পাতিছে।

তাৎপৰ্য্যপূৰ্ণ যে ধ্ৰুপদী ভাষাৰূপে অসমীয়া ভাষাৰ স্বীকৃতিকলৈ ৰাজ্যবাসী উৎফুল্লিত হ’লেও, ৭২ৰ মাধ্যম আন্দোলনৰ পিছত চৰকাৰে যি কাৰ্যালয়ত অসমীয়া ভাষা প্ৰয়োগৰ প্ৰতিশ্ৰুতি দিছিল, সেয়া এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। কিন্তু শেহতীয়াভাৱে বিভিন্ন জিলাত কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা প্ৰয়োগৰ বাবে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনকি দেৰগাঁৱৰ মাৰোৱাৰী সমাজে তেঁওলোকৰ পৰিয়ালৰ সদস্যই অসমীয়া ভাষাতহে কথা-বতৰা পাতিব লাগিব বুলি দেওবাৰে ৰাজহুৱা সিদ্ধান্ত ঘোষণা কৰে।

Also Read: ৰতন টাটা চিকিৎসাধীন নহয় : টুইটযোগে নিজে স্পষ্ট কৰিলে উদ্যোগপতিগৰাকীয়ে

anil bora