Advertisment

আজি হনুমান জয়ন্তী...

আজি হনুমান জয়ন্তী...

author-image
Asomiya Pratidin
New Update
 আজি হনুমান জয়ন্তী...

ডিজিটেল ডেস্কঃ আজি হনুমান জয়ন্তী। হিন্দু ধৰ্মালম্বী লোকসকলে ভগৱান ৰূপে মানি অহা হনুমানৰ জন্ম দিনটোত অতীজৰে পৰা পালন কৰি আহিছে এই হনুমান জয়ন্তী। হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ প্ৰখৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।

Advertisment

অধিকাংশই চ’ত পূৰ্ণিনাত পালন কৰি অহা এই হনুমান জয়ন্তীয়ে সুকীয়া স্থান পাই ভক্তৰ মাজত। হনুমানক অশুভৰ ওপৰত জয়লাভ আৰু সুৰক্ষা প্ৰদানৰ ক্ষমতা থকা দেৱতা হিচাপে পূজা কৰা হয়। এই উৎসৱত হনুমান ভক্তসকলে তেওঁক উদযাপন কৰি তেওঁৰ সুৰক্ষা আৰু আশীৰ্বাদ বিচাৰে।  দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি পালন কৰা হৈছে হনুমান জয়ন্তী।

গুৱাহাটী মহানগৰীতো দেখা গ’ল হনুমান জয়ন্তীৰ ব্যাপক আয়োজন। মহানগৰীৰ বিভিন্ন স্থানত থকা হনুমান মন্দিৰত পুৱাৰে পৰা দেখা গ’ল ভক্তৰ লানি নিছিঙা সোঁত।গণেশগুৰিৰ নিউ গুৱাহাটীৰ শ্ৰীশ্ৰী হনুমান মন্দিৰতো আয়াজন কৰা হৈছে হনুমান জয়ন্তী।

Also Read: গুৱাহাটীৰ জয়ানগৰৰ পৰা সন্ধানহীন এজন লোক

honuman jayanti