গুৱাহাটীৰ  কৃত্ৰিম বান; সন্ধিয়া কিয় গ্ৰাহকৰ ভিৰ দোকানত?

গুৱাহাটীৰ  কৃত্ৰিম বান; সন্ধিয়া কিয় গ্ৰাহকৰ ভিৰ দোকানত?

author-image
asomiyapratidin
New Update
গুৱাহাটীৰ  কৃত্ৰিম বান; সন্ধিয়া কিয় গ্ৰাহকৰ ভিৰ দোকানত?

ডিজিটেল ডেস্ক: গুৱাহাটী কৃত্ৰিম বানৰ পাছত নবিন নগৰ, অনিল নগৰক বাদ দি প্ৰায়বোৰ স্থানতে পানী শুকালে যদিও কৃত্ৰিম বানৰ পাছত যথেষ্ঠ ভিৰ দেখা গল কিছু কিছু স্থানত।

ঘৰলৈ উভতিব বিচৰা বহু যাত্ৰীয়ে নিশা ভিৰ কৰে চিটিবাছ আস্থানত।  চিটি বাছৰ চলাচল জু ৰোডেৰে ব্যাহত হৈ পৰাৰ পাছত সন্ধিয়া ভাগলৈ চিটি বাছৰ সংখ্যা কমি যোৱাত এই ভিৰ পৰিলক্ষিত হয়।

আৱদ্ধ হৈ পৰা লোক সকল চিটিবাছৰ বাবে অপেক্ষা কৰে বাছ আস্থান সমূহত । একেদৰে গেলামালৰ দোকানত ভিৰ কৰে বহু সংখ্যক গ্ৰাহকে। নবিন নগৰ, জু ৰোড এই অঞ্চলটোত বিদ্যুত সেৱা কৰ্তন কৰি থোৱাৰ বাবে কেণ্ডেল আৰু পানী বিচাৰি গ্ৰাহকে ভিৰ কৰে।

একেদৰে মঙলবাৰৰ দিনটোত যথেষ্ঠ ভিৰ পৰিলক্ষিত হয় মাংসৰ দোকানত। সুৰাৰ বিপনী সমূহতো আন দিনাৰ তুলনাত ভিৰ পৰিলক্ষিত হয়। সন্ধিয়া ভাগলৈ পানী শুকোৱাৰ পাছত মানুহ ওলাই অহাৰ বাবে শাক পাচলিৰ দোকানত যথেষ্ঠ ভিৰ কৰা পৰিলক্ষিত হয়।

assam flood guwahati