/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ad319d40-b27a-4d61-a882-45d9dda16e87/durga_puja.jpg)
ডিজিটেল ডেস্ক : আজি ষষ্ঠী, দুৰ্গতিনাশিনী দেৱী দুৰ্গা মৰ্ত্যলৈ অহাৰ ৬ দিন সম্পূৰ্ণ হোৱাৰ লগে লগেই দেশজুৰি আৰম্ভ হ'ল দুৰ্গা পূজা । দেৱীৰ সৈতেই আহিল সন্তান লক্ষ্মী, সৰস্বতী, কাৰ্তিক আৰু গণেশ । দেশৰ বিভিন্ন প্ৰান্তত বিগত কেইটামান সপ্তাহ ধৰি চলা প্ৰস্তুতিৰ অন্তত ভক্তগণক আদৰিবলৈ সাজু হ'ল উপাসনাস্থলী সমূহ ।
আন ঠাইৰ লগতে অসমতো যোৱা নিশাৰ পৰাই দেখা গ'ল ষষ্ঠীৰ ব্যাপক প্ৰস্তুতি । গুৱাহাটী মহানগৰীৰো চানমাৰী, জোনালী, গীতানগৰৰ দুৰ্গা মন্দিৰত পুৱাৰে পৰা পৰিলক্ষিত হ'ল ভক্তপ্ৰাণ ৰাইজৰ বৃহৎ সমাগম । আৰু কেৱল মন্দিৰ সমূহেই নহয় বৰং অস্থায়ীভাৱে নিৰ্মাণ কৰা উপাসনাস্থলী সমুহতো নিকটৱৰ্তী ৰাইজে পুৱাৰে পৰাই কৰিলেহি ভিৰ ।
জনশ্ৰুতি অনুসৰি, দুৰ্গা দেৱীৰ ধৰালৈ এই আগমনৰ কাৰণ আছিল মৰ্ত্যত দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই অহা মহিশাসুৰ । কঠোৰ তপস্যাৰ অন্তত কোনো পুৰুষৰ হাতত মৃত্যু বৰণ নকৰাৰ বৰ লাভ কৰিছিল মহিশাসুৰে । তাৰ পাছত সকলো দেৱতাৰ শক্তিৰ ফলত সৃষ্টি হৈছিল মহিশাসুৰ মৰ্দিনী দুৰ্গা দেৱীৰ । পুৰুষে নিধন কৰিব নোৱাৰা বৰ লাভ কৰাৰ পাছত মহিশাসুৰৰ মৃত্যু হৈছিল এগৰাকী নাৰীৰ হাতত । তাৰ ফলতেই মৰ্ত্যৰ সকলো লোকে উপাসনা কৰা আৰম্ভ কৰিছিল দেৱীৰ ।
প্ৰায় দুবছৰ জোৰা কভিড মহামাৰীৰ পাছত যেন এইবাৰ মুকলিকৈ উশাহ লৈছে ৰাইজে । দুবছৰ পাছত বহু স্থানত দেখা গ'ল দেৱী গৰাকীৰ উপাসনা স্থলী । আনন্দ উলাহৰ মাজেৰে এইবেলি পূজা সম্পন্ন হ'ব বুলি আশা কৰিছে প্ৰশাসনেও ।