/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/amit-sah-1.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি গুৱাহাটীত নিৰ্বাচনী ৰণ ডংকা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীত ৰোড শ্ব’ত ভাগ ল’ব গৃহমন্ত্ৰীজনে।
আজি বিয়লি চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ত ভাগ ল’ব শ্বাহে। মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰায়সকল শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব ৰোড শ্ব’ত। অমিত শ্বাহৰ ৰোড শ্ব’ উপলক্ষে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা প্ৰদান কৰিছে যান–বাহন আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us