টি এম পি কেৰ  ডিমৰুগুৰি আঞ্চলিকৰ ৬৫ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

টি এম পি কেৰ  ডিমৰুগুৰি আঞ্চলিকৰ ৬৫ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

author-image
asomiyapratidin
New Update
টি এম পি কেৰ  ডিমৰুগুৰি আঞ্চলিকৰ ৬৫ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  ঢকুৱাখনা মহকুমাৰ ডিমৰুগুৰি পঞ্চায়তৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২২ত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা  মেধাবী শিক্ষাৰ্থী সকলক দেওবাৰে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

Advertisment

টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ডিমৰুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ডাংধৰা  উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা সভাৰ শুভ উদ্ধোধন কৰে টি এম পি কেৰ কেন্দ্ৰীয়  সাংগঠনিক সম্পাদক যতীন পেগুৱে। জিলা টি এম পি কেৰ উপ সভাপতি সঞ্জীৱ দলেয়ে আঁত ধৰা সভাৰ সঞ্চালনা কৰে মিচিং জাতিয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য গজেন দলেয়ে ।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা এম এম কেৰ সভাপতি সুনীল পেগু ,  মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা  ইন্দ্ৰ কুমাৰ চুংক্ৰাং , নাথুৰাম পেগু , ৰাজীৱ দলে , দিপাঞ্জল দলে , ,জিলা  টি এম পি কেৰ সভাপতি  বৃগেন দলে ,দ্বীপেন দলে ,মোহন পেগু , অমৰজিত দলে , জিলা টি এম পি কেৰ প্ৰাক্তন সভাপতি জগন্নাথ দলে ,জিলা উপ সভাপতি উমানন্দ দলে  , এম এম কেৰ সম্পাদক সঞ্জীৱ দলে ,  ভীষ্ম চুংক্ৰাং ,গৌতম বৰাং , আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৰোমণি দলে , পঞ্চায়ত সভানেত্ৰী  মীনা কুমাৰী দলে ,শিক্ষাবিদ  অৰুণ জ্যোতি পেগু ,
জে.কে একাডেমীৰ স্বত্বাধিকাৰী পংকজ পেগু আদি উপস্থিত থাকি মেধাবী শিক্ষাৰ্থী সকলক  ভৱিষ্যতৰ দিনত একোগৰাকীকৈ উৎকৃষ্ট মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তোলাত আত্মনিয়োগ  কৰিবলৈ আহ্বান জনায়।

সভাত  মেট্ৰিক পৰীক্ষাত অঞ্চলটোৰ  ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপক মাইনা দলে ( ৯০ শতাংশ) ,  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (বিজ্ঞান শাখা) ৮৩ শতাংশ  নম্বৰ প্ৰাপক কল্যাণী পেগুৰ লগতে মুঠ ৬৫ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, গ্ৰন্থ সম্ভাৰ আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান  কৰি সমুজ্জ্বল ভৱিষ্যত কামনা কৰে হয় ।

আৰু পঢ়ক:সাতগাঁৱত চোকা অস্ত্ৰৰ আক্ৰমণত আহত এজনৰ মৃত্যু…

assam dhakuakhana