/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/330023e3-d53c-44a9-9a95-82039b9d2bcb/tyytt.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ ৰাজপথত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ ৷ চৰকাৰৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজপথত নামিল ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছ ৷
ৰাজনৈতিক দলটোয়ে এক সমদল বাহিৰ কৰি জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ অহাৰ পথত প্ৰশাসনে বাধা আৰোপ কৰে৷ প্ৰতিবাদকাৰীক আদবাটতে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা , পৌৰ কৰ বৃদ্ধি ৰোধ কৰা , সৰ্ব সাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰা আদিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ সমদল কৰি অহা প্ৰতিবাদকাৰীক প্ৰশাসনে বাধা প্ৰদান কৰাৰ লগতে আদবাটতে দণ্ডাধীশে স্মাৰক পত্ৰ গ্ৰহণ কৰি ঘূৰাই পঠিয়ায় ৷