মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰিপুন বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰিপুন বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰিপুন বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ…

ডিজিটেল ডেস্ক: আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী সোমবাৰে গুৱাহাটীৰ চচলস্থিত অনশন স্থলিত আয়োজন কৰা হয়।

Advertisment

তেওঁলোকে কয় যে বিজেপি চৰকাৰৰ শাসনত দিনে দিনে ডলাৰৰ তুলনাত টকাৰ মূল্য কমি আৰু সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে, কিন্তু বিজেপি দলে শাসনলৈ অহাৰ পূৰ্বে মূল্য বৃদ্ধিক লৈ অধিক সৰব আছিল। মূল্য বৃদ্ধিৰ প্ৰতিবাদত গৰু গাড়ীত উঠা, পিয়াজৰ মালা পিন্ধা, আদি আনকি হাতৰ খাৰু খুলি বিজেপি নেত্ৰীয়ে প্ৰতিবাদ কৰিছিল, কিন্তু আজি বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছত দেশৰ অৱস্থা কি হৈছে?

আজি জীৱনদায়িনী ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি, সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, ৰন্ধন গেছৰ অভাবনীয় মূল্য বৃদ্ধি টোলগেট টেক্স আদি বৃদ্ধি কৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটাই বিজেপি চৰকাৰে আমাৰ সাধাৰণ জনগণৰ জীৱনযাপন স্তব্ধ কৰি দিছে। আনহাতে বিজেপি নেতা, মন্ত্ৰী সকলে মূল্যবৃদ্ধি প্ৰসঙ্গত সময়ে সময়ে তুলুঙা মন্তব্য দি সাধাৰণ জনতাক উপলুঙা কৰি আছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে।

লগতে কয় যে "হিতাধিকাৰী আচনিৰে দৰিদ্ৰ জনতাক সহায় কৰিব বুলি কোৱা চৰকাৰ খনৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পাপ ফলত মানুহ দৰিদ্ৰ হয় বুলি কৈ আমাৰ সাধাৰণ জনতাক উপলুঙা কৰাৰ দৰে আন নেতা-মন্ত্ৰী কিছুমানেও তুলুঙা মন্তব্য দিয়া দেখি আহিছো, এয়া নিশ্চিত ভাৱে গৰিহণাৰ যোগ্য। আমি অসম তৃণমূল কংগ্ৰেছে সেই টুলুঙা মন্তব্যক আৰু মুল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ খনক গৰিহণা দিছো আৰু শীঘ্ৰেই সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী উত্থাপন কৰিলো"।

আৰু পঢ়ক: প্ৰতিদিন গোষ্ঠীৰ বাতৰিৰ প্ৰভাৱ, চিৰাঙৰ বামুনগাঁও হাইস্কুল লৈ চৰকাৰী সাহাৰ্য…

assam tmc protest