গৰু ছিণ্ডিকেটৰ সৈতে জাতীয় দল-সংগঠনৰ নেতা, আৰক্ষী, ৰাজনৈতিক নেতা জড়িতঃ বিস্ফোৰক অভিযোগ তিৱা ছাত্ৰ সন্থাৰ...

গৰু ছিণ্ডিকেটৰ সৈতে জাতীয় দল-সংগঠনৰ নেতা, আৰক্ষী, ৰাজনৈতিক নেতা জড়িতঃ বিস্ফোৰক অভিযোগ তিৱা ছাত্ৰ সন্থাৰ...

author-image
Asomiya Pratidin
New Update
গৰু ছিণ্ডিকেটৰ সৈতে জাতীয় দল-সংগঠনৰ নেতা, আৰক্ষী, ৰাজনৈতিক নেতা জড়িতঃ বিস্ফোৰক অভিযোগ তিৱা ছাত্ৰ সন্থাৰ...

ডিজিটেল সংবাদ, মৰিগাঁওঃ ৰাজ্যত চলি থকা গৰু ছিণ্ডিকেটক লৈ এইবাৰ সৰৱ হল তিৱা ছাত্ৰ সন্থা। বৃহস্পতিবাৰে সংবাদমেল পাতি ছাত্ৰ সংগঠনটোৱে বিস্ফোৰণ ঘটাই কয় যে, এই ছিণ্ডিকেট চক্ৰৰ সৈতে জাতীয় দল-সংগঠনৰ নেতা, আৰক্ষী, ৰাজনৈতিক নেতা জড়িত হৈ আছে।

Advertisment

সংবাদমেলত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ লগতে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই কয়, নেলীত গৰু ছিণ্ডিকেট বিষয়টো আমি অৱগত। আমি আৰক্ষীৰ  লগত আলোচনা কৰিছো। গৰু ছিণ্ডিকেটৰ লগত  আৰক্ষী প্ৰশাসন জড়িত আছে কাৰণ নেলী আৰু জাগীৰোড থানা দুখনৰ মাজত গৰু সৰবাহ হৈ আছে।

সংগঠনটোৰ নেতৃত্বই এই সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ হস্তক্ষেপ দাবী কৰি কয়- এচাম জাতীয় সংগঠনৰ নেতা গৰু ছিণ্ডিকেটৰ লগত জড়িত। ইতিমধ্যে আমাৰ হাতত গৰু ছিণ্ডিকেটৰ সৈতে জড়িত থকা ব্যক্তিৰ এখন লিষ্ট আহি পৰিছে। ৰাজনৈতিক ব্যাক্তি জড়িত থাকিব পাৰে এই ছিণ্ডিকেটৰ লগত।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যত গৰু ছিণ্ডিকেটৰ প্ৰসংগ নতুন নহয়। বছৰি কোটি কোটি টকাৰ এই ছিণ্ডিকেট কোনো অদৃশ্য শক্তিয়ে বছৰ বছৰ ধৰি পৰিচালনা কৰি আহিছে। এই ক্ষেত্ৰত অসম আৰক্ষী তথা চৰকাৰেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি আহিছে সচেতন মহলে।

তিৱা ছাত্ৰ সন্থা