/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c27ad867-4d50-444c-95e7-987aeb98262a/tiwa.jpg)
ডিজিটেল সংবাদ, মৰিগাঁওঃ তিৱা ছাত্ৰ সন্থাৰ আগন্তুক অধিৱেশন অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি তিৱা ছাত্ৰ সংগঠনৰ মাজত মত বিৰোধ হৈ দুটা ভাগত বিভক্ত হৈছে।সংগঠনটোৰ নেতৃবৃন্দৰ মাজত আৰম্ভ হোৱা অৰিয়াঅৰি আৰু তীব্ৰ বিৰোধৰ বাবে তিৱা ৰাইজ একপ্ৰকাৰ অসন্তুষ্ট হৈ পৰিছে।
দুটা শিবিৰৰ মাজত সৃষ্টি হোৱা যুঁজ খন তীব্ৰতৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নিশা তিনি জনকৈ তিৱা ছাত্ৰ সন্থাৰ নেতা আটক হয়। ধন দাবী কৰাৰ অপৰাধত যোৱা নিশা ২ মান বজাত তিনি তিৱা ছাত্ৰ সন্থাৰ নেতাক আটক কৰে মৰিগাঁও জিলাৰ আৰক্ষীয়ে ৷
প্ৰাপ্ত তথ্য মতে মৰিগাঁও আৰক্ষীৰ এটা দলে নেলীৰ নিজ বাসগৃহৰ শুৱনি কোঠাৰ পৰা আটক কৰে তিনিওকে ৷ ধৃত নেতা কেইজন হ'ল অনুপ পাটৰ, জিলা তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, দিপাংকৰ মাচলাই নেলী আঞ্চলিক সমিতিৰ উপদেষ্টা আৰু উদীত পাতৰ, সভাপতি নেলী আঞ্চলিকৰ সভাপতি।
তিনিও জন নেলীত অনুষ্ঠীত হ'বলগীয়া আগন্তুক তিৱা ছাত্ৰ সন্থাৰ অধিৱেশনৰ প্ৰস্তুতি কাম কাজত জড়িত আছিল৷ ধৃত তিৱা নেতা কেইজনে বিভিন্ন ব্যৱসায়িক ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সবিশেষ আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ৷
উল্লেখযোগ্য যে যি তিনি গৰাকীক আটক কৰিছে তিনিওজন চেনীৰাম মালাঙৰ ফৈদৰ বুলি জানিব পৰা গৈছে।জানিব পৰা মতে অহা ২৩ তাৰিখ ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ পাচ দিনীয়া কাৰ্যসূচীৰে অধিৱেশন অনুষ্ঠিত কৰিবলৈ সোনাপুৰ ত ব্যাপক আয়োজন চলিছে।
তাৰ বিপৰীতে একেই সময়তে নেলীতো ব্যাপক আয়োজন চলাই আছে আন এটা শিৱিৰে।তাৰ মাজত এতিয়া তিৱা ৰাইজ বিপাঙত পৰিছে।ইতিমধ্য তিৱা সংগঠনৰ মাজত বিভাজন হোৱা বিষয়টোক লৈ সামাজিক মাধ্যমতো ব্যাপক চৰ্চা চলিছে।তিৱা ছাত্ৰ সন্থাৰ ওপৰত তিৱা বসতি প্ৰধান অঞ্চলত বসবাস কৰা তিৱা ৰাইজে বহু খিনি কথাই নিৰ্ভৰ কৰে।কিন্তু এই অৰাজনৈতিক সংগঠনটোৰ নেতৃবৃন্দৰ মাজত ক্ষমতাক লৈ সৃষ্টি হোৱা বিভাজনৰ ৰাজনীতিক সচেতন মহলে ভাল পোৱা নাই।