এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তিতাবৰবাসী…

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তিতাবৰবাসী…

author-image
asomiyapratidin
New Update
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তিতাবৰবাসী…

ডিজিটেল সংবাদ, তিতাবৰ : উৎকত গৰমতো তিতাবৰবাসীক এটুপি বিশুদ্ধ খোৱাপানী যোগান দিবলৈ অসমৰ্থ ৰাজ্যৰ বিয়াগোম জনস্বাস্থ্য বিভাগ। দেশৰ ভিতৰতে তিতাবৰত বৃহৎ পানী যোগান আঁচনিৰ প্ৰকল্প ৰূপায়ণ কৰা জনস্বাস্থ্য বিভাগটো এতিয়া তিতাবৰত বগাহাতীলৈ পৰিণত হ'ল।

Advertisment

পানী যোগান প্ৰকল্পৰ বিজুতিৰ অজুহাতত বিভাগটোৱে এটুপি পানীযোগান ধৰিবলৈ সক্ষম নোহৱা বিভাগটোৱে অসহ্য গৰমতো পণবন্দী কৰি ৰাখিছে সাধাৰণ জনতাক। দুৰ্দিনৰ সময়তো বিধায়ক ভাস্কৰজ্যোতি বৰুৱাকো বিছাৰি পোৱা নাই সাধাৰণ জনতাই।

এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা তিতাবৰৰ নগৰবাসীক সামান্য সকাহ দিয়াৰ চেষ্টা কৰিছে তিতাবৰৰ পৌৰসভাই। প্ৰাক্তন বিধায়ক হেমন্ত কলিতাৰ উদ্যোগত তিতাবৰ পৌৰসভাই পৌৰসভাই টেংকিৰে আজিৰেপৰা জনসাধাৰণক পানী যোগান ধৰাত কিছু স্বস্তিৰ নিশ্বাস এৰিছে পৌৰবাসিন্দাই।

assam himanta biswa sarma titabor