তিতাবৰত আলফাৰ নামত ধন দাবী কৰা দুই যুৱকক গ্ৰেপ্তাৰ

তিতাবৰত আলফাৰ নামত ধন দাবী কৰা দুই যুৱকক গ্ৰেপ্তাৰ

author-image
asomiyapratidin
New Update
তিতাবৰত আলফাৰ নামত ধন দাবী কৰা দুই যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, বেকাজান: তিতাবৰত সক্ৰিয় হৈ উঠিছে ভুৱা আলফাৰ দল। মঙগলবাৰে আলফা স্বাধীনৰ নামত ধন দাবী কৰি তিতাবৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে জিন্টু হাজৰিকা আৰু অনিল মানকী নামৰ দুজন যুৱক ।

Advertisment

জানিব পৰা মতে যোৱা ৬ এপ্ৰিল দিনা তিতাবৰ মহিমাবাৰীৰ অজিত শইকীয়া নামৰ লোকজনক হোৱাটচএপত মেছেজ দি দুই লাখ পঞ্চাশ হেজাৰ টকা দাবী কৰে । ভুৱা আলফা দুটাই অজিত শইকীয়াক দুটা কিস্তিত এই ধন দিবলৈ দাবী জনায় ।প্ৰথম কিস্তিত ডেৰ লাখ টকা ৮ এপ্ৰিল দিনৰ দিনা সন্ধিয়া অজিত শইকীয়াক তেওঁ ঘৰৰ বাথৰুমত ওলমাই থবলৈ কয়।

পৰৱৰ্তী সময়ত অতি কৌশলেৰে উক্ত টকাখনি লৈ যায় দুই যুৱকে। বাকী দ্বিতীয় কিস্তিৰ এক লাখ অহা ২৮ এপ্ৰিলৰ ভিতৰত দিবলৈ দাবী জনায় । যদি ২৮ এপ্ৰিলৰ ভিতৰত বাকী ধন নিদিয়ে তেনেহলে অজিত শইকীয়াই পুনৰ ৫ লাখ টকা দিব লাগিব বুলি দাবী ভাবুকি প্ৰদান কৰে ।

যুৱক দুজনৰ কৰ্মকাণ্ড সন্দেহ ওপজাত অজিত শইকীয়াৰ পৰিয়ালে আৰক্ষীৰ লগত যোগাযোগ কৰে । এই কথা জানিব পাৰি শইকীয়া পৰিয়ালক প্ৰাণে মৰা ভাবুকি প্ৰদান কৰিছিল ধৃত দুই যুৱকে।

অৱশেষত উপায়হীন হৈ অজিত শইকীয়াই যোৱা ১৩ এপ্ৰিলত তিতাবৰ থানাত এজাহাৰ দিয়ে । আৰক্ষীয়ে মবাইলৰ কলৰেকৰ্ড পৰীক্ষা কৰি গোপনে অভিযান চলাই মঙলবাৰে মহিমাবাৰী অঞ্চলৰ পৰা ভুৱা আলফা দুটাক তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে ।

আৰু পঢ়ক: "কষ্ট কৰা মানুহক মমতাই পুৰস্কৃত কৰে" দিদিৰ প্ৰশংসাত পঞ্চমুখ ৰিপুন বৰা

assam ulfa i Assam police