/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ab36ab2d-01b3-4a55-9619-54123df9382a/dfgg.jpg)
ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ নগাবাট অভয়পুৰীয়াত দেওবাৰে অঞ্চলটোৰ কেইবাশতাধিক পুৰুষ-মহিলাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বিধ্বস্ত বাট-পথ মেৰামতিত চৰকাৰ তথা জনপ্ৰতিনিধিৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ অভিযোগ তুলি পথৰ দ গাঁতত জালেৰে মাছ ধৰি প্ৰতিবাদ জনালে ক্ষুব্ধ ৰাইজে।
উল্লেখ্য নগাবাটৰ গাতে লাগি থকা সোণোৱাল গাঁও হৈ তৰাণি অভয়পুৰীয়া সংযোগী পথটো বিধ্বস্ত হৈ দ গাঁত সৃষ্টি হয় যদিও মেৰামতিৰ গুৰুত্ব নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ। ফলত পথটোৰ অৱস্থাই বাৰুকৈয়ে জ্বলা কলা খুৱাইছে অঞ্চলবাসীক।
সেয়ে আজি বিধ্বস্ত পথৰ ওপৰত থিয় হৈ ৰাইজে এনেদৰে জাল বাই, মাছ ধৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্ল'গানেৰে বহু সময়লৈকে ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে। তিতাবৰৰ বিধায়ক, যোৰহাট জিলা আয়ুক্তক পথটো পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদী ৰাইজে।
Also Read: প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৬৮ লাখ শিশু গৃহহীন! ভাৰত আছে দ্বিতীয় স্থানত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us