/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5b83d3b6-d2bf-4e70-87a5-e111d389a6e4/prr.jpg)
ডিজিটেল সংবাদ, তিতাবৰ: জনজাতি কৰণৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে তিতাবৰত দেওবাৰে সন্ধিয়া জোৰ সমদল বাহিৰ কৰে। নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, বিজেপি হুঁচিয়াৰ , বিজেপি গ' বেক শ্ল'গানেৰে তিতাবৰৰ ৰাজপথ এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
প্ৰতিবাদী সমদলকাৰী দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত তিতাবৰৰ ন-আলিত দুয়ো পক্ষই বহুসময় ধৰি টনা-আঁজোৰা আৰু হতাহতিত লিপ্ত হয়। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক সংগ্ৰাম অব্যাহত ৰাখিব বুলিও হুংকাৰ দিছে।