তিতাবৰত অনুষ্ঠিত খেল মহাৰণত ছোৱালীৰ কাবাদী প্ৰতিযোগিতা সম্পন্ন

তিতাবৰত অনুষ্ঠিত খেল মহাৰণত ছোৱালীৰ কাবাদী প্ৰতিযোগিতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
তিতাবৰত অনুষ্ঠিত খেল মহাৰণত ছোৱালীৰ কাবাদী প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ, তিতাবৰ: তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ আছে খেল মহাৰণ। সমষ্টি পৰ্যায়ৰ খেল মহাৰণত বুধবাৰে ১৯ বছৰ অনূৰ্ধ্বৰ আৰু ঊৰ্ধৰ ছোৱালীৰ চূড়ান্ত কাবাদী প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়।

Advertisment

খেল মহাৰণৰ সমন্বয়ত নিত্যানন্দ শইকীয়া আৰু দিলীপ বৰাই জানিবলৈ দিয়া মতে ১৯ বছৰ অনূৰ্ধ্বৰ ছোৱালীৰ কাবাদী প্ৰতিযোগিতাত ইকৰাণি পঞ্চায়ত দলে বৰহোলা পঞ্চায়ত দলক হৰুৱাই বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ইফালে পূব ঠেঙাল পঞ্চায়ত দল আৰু কচুখাট পঞ্চায়ত দলৰ মাজত অনুষ্ঠিত ১৯ ঊৰ্ধৰ ছোৱালীৰ কাবাদী প্ৰতিযোগিতাখনত পূব ঠেঙাল পঞ্চায়তৰ দলটোৱে বিজয়ী খিতাপ অৰ্জন কৰে।

বিয়লি প্ৰতিযোগিতাৰ স্থলীত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা উপস্থিত থাকি খেলুৱৈ আৰু আয়োজকসকলৰ সৈতে মতবিনিময় কৰাৰ লগতে খেলুৱৈসকলক ট্ৰফি আৰু পদক প্ৰদান কৰি উৎসাহিত কৰে।

Also Read: কেৱল নেহৰুৰ ভুলৰ বাবেই পাকিস্তানে দখল কৰি আছে কাশ্মীৰৰ অংশঃ অমিত শ্বাহ