ডিজিটেল সংবাদ, বেকাজান : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনলৈ মাথোঁ ১২ ঘণ্টা সময় বাকী থকাৰ সময়তে এক অঘটন সংঘটিত হৈছে তিতাবৰত। তিতাবৰ মহকুমা প্ৰশাসনে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা স্বাধীনতা দিৱসৰ পেণ্ডেল শনিবাৰে পুৱা সামান্য এচাটি বতাহত ভাঙি পৰে। ফলত হাহাকাৰ লাগে প্ৰশাসনত । উল্লেখ যে বিগত বছৰ বিলাকত তিতাবৰত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস তৃতীয় অসম আৰক্ষী বাহিনীৰ চৌহদত উদযাপন হৈ আহিছিল।
কিন্তু কেইটামান বছৰৰ পৰা তৃতীয় অসম আৰক্ষী বাহিনীৰ চৌহদৰ পৰিবৰ্তে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস অনুষ্ঠিত কৰি আহিছে তিতাবৰ মহকুমা প্ৰশাসনে । এইবাৰো দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱস তিতাবৰ মহকুমা প্ৰশাসনে এই ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজন কৰিছিল। তাব বাবে প্ৰশাসনে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ পাছতে শনিবাৰে পুৱা সামান্য বতাহত পেণ্ডেলটো ভাঙি পৰে। ৰাইজে নিম্ন মানৰ কাম আৰু গাফিলিতৰ বাবে এনেদৰে পেণ্ডেলটো ভাঙি পৰা বুলি উল্লেখ কৰিছে ।
উল্লেখযোগ্য যে তিতাবৰৰ আৰক্ষী বাহিনীয়ে ক্ৰীড়া প্ৰকল্পটো নিজৰ জিম্মাত ৰাখি সুৰক্ষিত কৰি ৰখাৰ লগতে যোৱা কেইবাদিনৰ পৰে পেণ্ডেলৰ কাম চলি আছিল। পৰিতাপৰ বিষয় যে স্বাধীনতা দিৱসৰ দিনা এই পেণ্ডেল ভাঙি পৰা হ'লে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হলহেঁতেন। সম্প্ৰতি প্ৰশাসনৰ এনে দায়িত্বহীন কামে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আৰু পঢ়ক : ত্ৰিৰংগা লৈ সমদল নগাঁও জিলা প্ৰশাসনৰ…