খৰাঙে দহিছে ৰাজ্য, তিতাবৰত কৃষকৰ হাহাকাৰ পৰিস্থিতি…

খৰাঙে দহিছে ৰাজ্য, তিতাবৰত কৃষকৰ হাহাকাৰ পৰিস্থিতি…

author-image
asomiyapratidin
New Update
খৰাঙে দহিছে ৰাজ্য, তিতাবৰত কৃষকৰ হাহাকাৰ পৰিস্থিতি…

ডিজিটেল সংবাদ, তিতাবৰ : এফালে যদি অনাবৃষ্টি আনফালে বনৰীয়া হাতীৰ উপদ্ৰৱ। অপৰ্যাপ্ত খৰাঙ আৰু বনৰীয়া হাতীৰ উপদ্ৰৱত শালিখেতি কৰিব নোৱাৰা তিতাবৰৰ কৃষকে চকুৰে সৰিয়হ ফুল দেখিছে। ধানৰ ভৰাঁলৰূপে ৰাজ্যৰ ভিতৰতে সুনাম থকা তিতাবৰৰ কৃষকৰ কৰুণ বিননিয়ে কুম্ভকৰ্ণ নিদ্ৰাৰপৰা জগাব পৰা নাই ৰাজ্য চৰকাৰৰ বনবিভাগ আৰু কৃষিবিভাগক।

Advertisment

স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো কৃত্ৰিম জলসিঞ্চন ব্যৱস্থাৰ লগত তিতাবৰৰ কৃষকক চিনাকি কৰাই দিবলৈ সক্ষম নোহোৱাৰ বাবেই তিতাবৰৰ বহুহাজাৰ বিঘা ভূমিত শালিধানৰ খেতি কৰিব নোৱাৰিলে। 

ধানখেতিৰ ওপৰতে পৰিয়ালটোৰ অৰ্থনৈতিক দিশ পৰিচালনা কৰা তিতাবৰৰ শিলিখাবাৰী, মহিমাবাৰী, দেওঘৰীয়া গ্ৰাণ্ট, বৰামাৰী, চৰাইপানীৰ লগতে অসম নগালেণ্ড সীমান্তৰ ৩৬ ঘৰীয়া, ৬২ ঘৰীয়া, নহটীয়া, বালিজান, মুক্তিনগৰ, ১ নং জোনাকী, জোনাকী মণ্ডলকে ধৰি বিস্তীৰ্ণ অঞ্চলত বৰষুণৰ অভাৱত কৃষকে পথাৰত কঠীয়া এডালো ৰুব নোৱাৰিলে।

কোনো কোনো খেতিয়কে আগতীয়াকৈ দুই-এডৰা মাটিত কঠীয়া ৰোপণ কৰিছিল যদিও পানীৰ অভাৱত সেইবোৰো এতিয়া মৰহি শুকাবলৈ আৰম্ভ কৰাত কৃষকসকলৰ মাজত চৰম অসন্তুষ্টি আৰু হতাশাই গা কৰি উঠিছে। তাৰপিছতো চৰকাৰ তথা বিভাগীয় বিষয়াৰ কোনো গুৰুত্ব নাই। খৰাংপিড়ীত দৰিদ্ৰ কৃষকৰ অৱস্থাৰ বুজ ল'বলৈ যোৱা প্ৰশাসনৰ লোকে খেতিয়কৰ লগত আলোচনা নকৰি গাড়ীত বহিয়েই নিজৰ কৰ্তব্য সমাপন কৰা বুলি অভিযোগ উঠিছে।

assam himanta biswa sarma