তিতাবৰত ৰে’লৰ খুন্দাত আহত বন্যহস্তীৰ চিৎকাৰ...

গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱাত জীৱন-মৃত্যুৰে যুঁজিছে হাতীটো।

author-image
Asomiya Pratidin
New Update
ধিক বন বিভাগ! ৪০ ঘন্টা নদীত পৰি থকা আহত হাতীটোৰ মৃত্যু...

titabor elephant

ডিজিটেল ডেস্ক : তিতাবৰৰ খৰিকটীয়াত তীব্ৰ বেগী ৰে'লৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল বন্যহস্তীৰ মাক আৰু পোৱালি। তীব্ৰ বেগী ৰে'লৰ খুন্দাত মৃত্যু হয় পোৱালী হাতীটোৰ। গুৰুতৰভাৱে আঘাত পোৱাত জীৱন-মৃত্যুৰে যুঁজিছে আনটো হাতী।

উল্লেখ্য যে ২৪ ঘন্টা উকলি যোৱাৰ পাছতো সেই হাতীটোক উদ্ধাৰ কৰিব পৰা নাই বন বিভাগে। নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ খুন্দাত গুৰুতৰভাৱে আহত হয় মাতৃ-পুত্র।প্রতিকূল বতৰৰ বাবে আধাতে উদ্ধাৰ অভিযান সামৰিলে বন বিভাগে। বাগিচাৰ মাজৰ এটি বোকাময় জুৰিত অৱস্থান লৈছে সেই আঘাতপ্ৰাপ্ত হাতীটোৱে।

২৪ ঘন্টা উকলি যোৱাৰ পাছতো হাতীটোক উদ্ধাৰ কৰিব নোৱাৰাত এতিয়া মৃত্যুৰ সৈতে যুঁজিছে হাতীটোৱে। আনাহাতে, উপযুক্ত চিকিৎসা প্রদানত ব্যৰ্থ হৈছে বন বিভাগ।

assam titabor elephant