চাইবাৰ অপৰাধীয়ে কৌশলেৰে অনলাইন পদ্ধতিৰে লুটি নিলে ১৬ লাখ টকা...

গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা আন্তৰ্জাতিক খ্যাতি সম্পন্ন বৌদ্ধ পণ্ডিত ললিত শ্যামৰ দুটাকৈ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে অতি কৌশলেৰে অনলাইন পদ্ধতিৰে লুটি নিলে প্ৰায় ১৬ লাখ টকা

author-image
Asomiya Pratidin
New Update
চাইবাৰ অপৰাধীয়ে কৌশলেৰে অনলাইন পদ্ধতিৰে লুটি নিলে ১৬ লাখ টকা...

ডিজিটেল সংবাদ, তিতাবৰ : গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা আন্তৰ্জাতিক খ্যাতি সম্পন্ন বৌদ্ধ পণ্ডিত ললিত শ্যামৰ দুটাকৈ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে অতি কৌশলেৰে অনলাইন পদ্ধতিৰে লুটি নিলে প্ৰায় ১৬ লাখ টকা।

Advertisment

ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে তিতাবৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শনিবাৰে নিশা নৱম সৱোত্ৰিয়া নামৰ ২১ বছৰীয়া এজন চাইবাৰ অপৰাধীক নিজৰ বাসগৃহৰ পৰাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীৰ পঞ্জাৱ নেচনেল বেংকৰ তিতাবৰ শাখাত থকা 0029010107668 নম্বৰৰ একাউণ্টৰ পৰা Ecom আৰু Paytm ৰ জৰিয়তে অভিযুক্ত অপৰাধীজনে উলিয়াই নিলে মুঠ ১২ লাখ ৪০ হাজাৰ ১৮২ টকা।

একেদৰে ললিত শ্যামৰ ষ্টেট বেংক তিতাবৰ শাখাত থকা 30394918416 নম্বৰৰ একাউণ্টৰ পৰা হৰলুকি হৈছে মুঠ ৩ লাখ ৫৬ হাজাৰ ২৬৯ টকা। এইখিনি ধনৰাশিও অভিযুক্ত নৱম সৱোত্ৰিয়াই অনলাইন মাধ্যম POS ATM ৰ জৰিয়তে উলিয়াই নিয়া বুলিও অনুসন্ধানকাৰী আৰক্ষী নিশ্চিত হৈছে ।

২০২১ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ৯ তাৰিখৰ পৰা চাইবাৰ অপৰাধীজনে ধনখিনি ক্ৰমান্বয়ে হৰলুকি কৰিবলৈ সক্ষম হৈছিল। নিজৰ অজ্ঞাতে চাইবাৰ অপৰাধীৰ বলি হোৱা ললিত শ্যামে এইবিষয়ে ঘূণাক্ষৰেও একো গম পোৱা নাছিল।

বেংকত পাচবুক আপডেট কৰিবলৈ গৈহে তেওঁ এইবিষয়ে অৱগত হৈছিল আৰু নিজৰ সাঁচতীয়া ধন চাইবাৰ হেকাৰে লুটি নিয়া বুলি সন্দেহ প্ৰকাশ কৰিছিল।

আটকাধীন অভিযুক্ত ২১ বছৰীয়া নৱম সৱোত্ৰিয়া এগৰাকী কম্পিউটাৰ বিজ্ঞানৰ স্নাতক হোৱাৰ বাবেই অতি কৌশলেৰে বৃহৎ পৰিমাণৰ ধনখিনি হৰলুকি কৰিব পাৰিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

assam Assam police jorhat titabor