/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/517503d6-badb-49b3-a2f1-561238d9b642/TITABOR.jpg)
ডিজিটেল সংবাদ, তিতাবৰ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা ঐতিহাসিক ধোদৰআলিৰ এতিয়া বিপৰ্যস্ত অৱস্থাই ৰাজতন্ত্ৰৰ পৰা উত্তৰণ ঘটা গণতন্ত্ৰৰ ফোঁপোলা স্বৰূপটোকেই উদঙাই দিছে।
ধোদৰআলিৰ মেৰামতিৰ নামত দীৰ্ঘদিন ধৰি চৰকাৰে ফুটাকড়ি এটাও ব্যয় কৰিবলৈ সক্ষম নোহোৱাত সমগ্ৰ পথছোৱাৰ দুৰৱস্থাই জনসাধাৰণক ঘটিয়ে ঘটিয়ে পানী খাবলৈ বাধ্য কৰিছে।
পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, সামান্য এজাক বৰষুণতে জমা হোৱা একঁকাল-এবুকু পানী অথবা চৰ্মৰোগৰ দৰে ছাল-বাকলি এৰাই যোৱা অংশ সমূহৰ পৰা উৰি অহা প্ৰদূষিত ধূলি-ধোঁৱাৰ অস্বস্তিকৰ পৰিৱেশে জনজীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাই আনিছে।
তৎসত্বেও এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পোৱা নাই তিতাবৰৰ ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগ। ভুক্তভোগী জনসাধাৰণৰ আকাশ-বতাহ নিনাদিত কৰা প্ৰতিবাদী শ্ল'গানেও চৰকাৰ বাহাদুৰৰ কৰ্ণকুহৰত প্ৰতিধ্বনি সৃষ্টি কৰিব নোৱাৰাতো অতিশয় দুৰ্ভাগ্যজনক।
ড° হিমন্তবিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিয়েই অসম বিধান সভাত ধোদৰ আলিক অসম মালাৰ অধীনত চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ চৰকাৰী প্ৰতিশ্ৰুতিত কিছুহ'লেও আশাৰ ৰেঙনি দেখিছিল। দিন বাগৰাৰ পিছতো সেই প্ৰতিশ্ৰুতি আজিও বাস্তৱায়িত নহ'ল।
বিভাগটোত কৰ্মদক্ষ অভিযন্তা-কৰ্মচাৰী-ঠিকাদাৰ থাকিলেও নাই কোনো বাস্তৱমুখী পৰিকল্পনা। পৰ্যাপ্ত পুঁজিৰ অভাৱত বিভাগটো তিতাবৰত ঢাল-তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰ।
অভিযোগ অনুসৰি কেৱল ৰাজনৈতিক প্ৰতিশোধ পূৰণৰ বাবেই তিতাবৰৰ জনসাধাৰণৰ জনজীৱন অসহনীয় কৰি তোলা ধোদৰআলিৰ পুনঃনিৰ্মাণৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা কৰিবলৈ সচেতন মহলে চৰকাৰখনক দাবী জনাইছে।