/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/tita.jpg)
ডিজিটেল সংবাদ,যোৰহাট:উজনি আৰু উত্তৰ অসমৰ ৬ খন জিলাত সামগ্ৰিকভাবে কৃষিৰ সম্প্ৰসাৰণ আৰু উত্তৰণ ঘটোৱাৰ বাবে লোৱা আচনিৰ বাৰ্ষিক পৰ্যালোচনা সভাখন বুধবাৰে অনুষ্ঠিত হয়।
যোৰহাট,শিৱসাগৰ,গোলাঘাট,লক্ষীমপুৰ,তেজপুৰ, আৰু নগাঁও জিলাৰ প্ৰকল্পৰ অধীনৰ কৃষক কৃষি বিজ্ঞানী আৰু কৃষি বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে জিলাকেইখনৰ ভৱিষ্যত কৃষিৰ সামগ্ৰিক ৰূপৰেখা সম্পৰ্কত বিশেষভাৱে আলোচনা কৰা হয় ।
তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়াই কয় যে,"প্ৰকল্প ভিত্তিক কৃষিয়ে সামগ্ৰিক কৃষিৰ উন্নতি কৰিব নোৱাৰে ।
প্ৰকল্প ভিত্তিক কৃষিৰ সুবিধা লৈ কাৰিকৰী সম্প্ৰসাৰণ আৰু কৃষিজ্ঞানৰ সম্প্ৰসাৰণ ঘটালেহে সামগ্ৰিক কৃষিৰ সম্প্ৰসাৰণ তথা উত্তৰণ ঘটাব পৰা যাব ।বতৰৰ পৰিবৰ্তন তথা জলবায়ুৰ পৰিবৰ্তনৰ সময়ত যাতে নিজে বাচিব পাৰো তাৰ বাবে ব্যৱস্থা নিজে লব লাগিব । কৃষিত মধ্যভোগী সৰ্বোচ্চ হোৱা বাবেই কৃষকক একত্ৰিত কৰি এফ পি অ কৰিবলগীয়া হৈছে । সেয়ে নিজৰ পথাৰ নিজে ভাল কৰি লব লাগিব । থলুৱা লোকৰ কৃষি চাই উদ্ভাৱন সক্ষমতা । থলুৱা বীজ নিজে উৎপাদন কৰিব লাগিব"।
সভাত কৃষি বিভাগৰ যুটীয়া সঞ্চালক তথা যোৰহাট জিলা কৃষি বিষয়া বেণী মাধৱ বৰুৱাই কয় যে "আমি নিজৰ খেতি নিজেই উন্নতি কৰি সতেজ খাবলৈ নিজকে সক্ষম কৰিব লাগিব । আমাৰ নিজৰ ওপৰতে কৃষিৰ স্বাস্থ্য তথা আমাৰ স্বাস্থ্য নিৰ্ভৰ কৰে বাবে এই দিশত আমি সচেষ্ট হব লাগিব "।
সভাত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ ভাৰপ্ৰাপ্ত উপসঞ্চালক ড° সুমন্তজিত ভূঞা, যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী সঞ্জয় বৰঠাকুৰ, জৈন ইৰিকেচনৰ হৰেকৃষ্ণ বৰুৱা । নীলাচল প্ৰাইভেট কোম্পানীৰ অচিন্ত দাস ৰ লখতে নিৰ্বাচিত কৃষকসকলে অংশগ্ৰহণ কৰি সভাত বক্তব্য আগবঢ়ায় ।আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচীও অনুষ্ঠানিক ভাবে পালন কৰা হয় ।
আৰু পঢ়ক: কলিয়াবৰত দিন দুপৰতে বাঘৰ সন্ত্ৰাস: অঞ্চলটোত ৮টা গৰু ভক্ষণ