তিতাবৰৰ বালিজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামূহিক উৎসৱ সম্পন্ন...

তিতাবৰ শিক্ষাখণ্ডৰ বালিজান শৈক্ষিক মণ্ডলৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সামূহিক উৎসৱ উদযাপন কৰা হয়। উৎসৱক কেন্দ্ৰ কৰি স্থানীয় বিভিন্ন জাতি

author-image
Asomiya Pratidin
New Update
olll

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰ শিক্ষাখণ্ডৰ বালিজান শৈক্ষিক মণ্ডলৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সামূহিক উৎসৱ উদযাপন কৰা হয়। উৎসৱক কেন্দ্ৰ কৰি স্থানীয় বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমাহাৰেৰে বালিজানৰ সীমান্তৱৰ্তী জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত উখল-মাখল পৰিৱেশ বিৰাজ কৰে।

Advertisment

কেইবাশতাধিক ৰাইজ স্বতঃস্ফুতভাৱে ওলাই আহি সামূহিক উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিভিন্ন কাৰ্যসূচীৰ লগতে বাৰেৰহনীয়া এক সাংস্কৃতিক শোভাযাত্ৰাৰ ৰূপায়ন কৰা হয়। গায়ন-বায়নকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শিত অতি আকৰ্ষণীয় শোভাযাত্ৰাটোৱে বালিজান অঞ্চলটোৰ ৰাইজক মুগ্ধ কৰি তোলে।

ইফালে ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক প্ৰতিযোগিতা, শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনী, মুকলি সভা আদিও অনুষ্ঠিত হয়। বালিজান শৈক্ষিক মণ্ডলৰ চি আৰ চি চি পল্লৱ শইকীয়াই আঁত ধৰা আৰু বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত বৰাই উদ্বোধন কৰা মুকলি সভাত তিতাবৰ সম জিলাৰ সহকাৰী আয়ুক্ত প্ৰিয়ব্ৰত হাজৰিকা, সমগ্ৰ শিক্ষা যোৰহাটৰ জিলা আঁচনি বিষয়া পৰশ গোস্বামী, তিতাবৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শিতেশ্বৰ নাথ, বৰহোলা মহাবিদ্যালয়ৰ অধ্যাপক অমল সোণোৱাল‌কে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীৰ গুৰু বন্দনা, গুমৰাগ, ঐনিতম, ঝুমুৰ আদি নৃত্যই পৰিৱেশটো জীপাল কৰি ৰাখে।  

তিতাবৰ নিউজ