/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/tiranga-rath.jpg)
মানকাচৰ : ভাৰতৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা আজাদি কা অমৃত মহোৎসৱে সাঙুৰি ল'লে অসমৰ হাটশিঙিমাৰীকো । আজি জিলা খনৰ ফেকামৰী উন্নয়ন খণ্ডৰ অধীনত ১৪খন গাঁও পঞ্চায়তে অংশগ্ৰহণ কৰিব এই ৰথ যাত্ৰাত।হাটশিঙিমাৰী জিলাৰ উপায়ুক্ত পল্লৱী সৰকাৰ আৰু জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰে ত্ৰিৰংগা ৰথযাত্ৰাৰ ।
আজি ১৪ টা গাঁও পঞ্চায়তত ৰথ যাত্ৰা সমাপ্ত হোৱাৰ পাছত কাইলৈ মানকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ ১৫ খন গাও পঞ্চায়ত আৰু পৰহি দিনা দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অধীনত ৬ খন গাঁও পঞ্চায়তত হব ৰথ যাত্ৰা । আনহাতে ১৪ আগষ্টত আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি নাও খেল অনুষ্ঠিত হব ।
আৰু পঢ়ক :সলনি হৈছে ফিফা বিশ্বকাপ-২০২২ ৰ সময়সূচী…
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us