কাজিৰঙাত তৰা,পৰিস্মীতা আৰু ক্ৰিছে মন মোহিছে সকলোৰে

কাজিৰঙাত তৰা,পৰিস্মীতা আৰু ক্ৰিছে মন মোহিছে সকলোৰে

ডিজিটেল সংবাদ, কাজিৰঙা : অতি মৰম লগা হৈ পৰিছে তৰা ৷ মাকৰ লগত মুকলি মনেৰে ফুৰিবলৈ পাই যেন মাটিত ভৰিয়েই নপৰিব কনমানি তৰাৰ ৷ একেদৰেই উমলিজামলি ডাঙৰ হৈছে পৰিস্মিতা আৰু ক্ৰিছ ৷ পৰিস্মিতা ,ক্ৰিছ আৰু তৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ পোহনীয়া হাতীৰ পোৱালি ৷

বিগত বৰ্ষৰ মাৰ্চ মাহত পদুমী নামৰ হাতী জনীয়ে জন্ম দিয়া হাতী পুৱালিটোৰ নাম ৰখা হয় পৰিস্মিতা ৷ একে বছৰতে ডিচেম্বৰ মাহত জন্ম হোৱা পুৱালিটোক নামাকৰণ কৰা হয় ক্ৰিছ ৷ শেহতীয়াকৈ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ৯ তাৰিখে বেলি নামৰ হাতী জনীয়ে জন্ম দিয়া পোৱালিটো হ’ল তৰা ৷ সুস্বাস্থ্যৰ অধিকাৰী তৰা এতিয়া বনকৰ্মী সকলৰ অতি আদৰৰ ৷ চালে চাই থাকিবৰ মন যায় তৰাৰ শিশুসুলভ দুষ্টালিবোৰ ৷

মাতিলে সকলোৰে ওচৰলৈ আগবাঢ়ি অহা তৰাৰ বাবে যেন সকলোৱেই আপোন ৷উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত বৰ্তমান আছে ১৭ টা বিভাগীয় পোহনীয়া হাতী ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হাতী সমূহে দীৰ্ঘদিন ধৰি কৰ্তব্য পালন কৰি আহিছে কাজিৰঙাত ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in