তিনিচুকীয়া আৰক্ষীৰ অভিযান: ড্ৰাগছ সহ চাৰি আটক…

তিনিচুকীয়া আৰক্ষীৰ অভিযান: ড্ৰাগছ সহ চাৰি আটক…

author-image
asomiyapratidin
New Update
তিনিচুকীয়া আৰক্ষীৰ অভিযান: ড্ৰাগছ সহ চাৰি  আটক…

ডিজিটেল সংবাদ, তিনিচুকীয়া: তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । বিগত কালচোৱাত তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কেইবাটাও সফল অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ইয়াৰ সৰবৰাহৰ লগত জড়িত কেইবাজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ইয়াৰ মাজতে আজি বিশেষ খবৰৰ ভিত্তিত মাকুম বাইপাছত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰসহ চাৰি সৰবৰাহকাৰীক আটক কৰে । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে প্ৰায় এক কিল'গ্ৰাম ওজনৰ ড্ৰাগছখিনি মাকুম বাইপাছত বিক্ৰীৰ বাবে অনা হৈছিল । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা পানীতোলাৰ পৰাগজ্যোতি বৰা, ধন্তু বৰা, ডিব্ৰুগড়ৰ স্মাইল আলী আৰু কাজী ফাৰুক । অভিযানৰ সময়ত সৰবৰাহী কেইটাই ব্যৱহাৰ কৰা এ এচ ০৬ এম ০০৩০ নম্বৰৰ এখন চুইফট্ ডিজায়াৰ বাহনো অভিযানকাৰী দলটোৱে জব্দ কৰিছে । এই অভিযানৰ নেতৃত্ব দিছিল তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ লগতে মাকুম থানাৰ প্ৰভাৰী ফুল কোঁৱৰে । অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ধৃত সৰবৰাহীকেইটাক জেৰা চলাই আছে । জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় আঠ লাখ টকা হ'ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে ।

drugs Assam police assam tinsukia