২০ লাখ টকা দাবী কৰি কাৰাগাৰলৈ গ'ল কৃষক নেতা...

তিনিচুকীয়া দিলাৰ তালপাৰ চাহ ব্যৱসায়ীক ২০ লাখ টকা দাবী কৰি কাৰাগাৰলৈ যাবলগীয়া হ'ল কৃষক নেতা উমানন্দ মুদৈ মৰাণ। আজি জিলা সত্ৰ ন্যায়িক দণ্ডাধীশে তেওঁক প্ৰেৰণ কৰে জে'ললৈ।

author-image
Tushar Pratim
New Update
২০ লাখ টকা দাবী কৰি কাৰাগাৰলৈ গ'ল কৃষক নেতা...

ডিজিটেল ডেস্কঃ তিনিচুকীয়া দিলাৰ তালপাৰ চাহ ব্যৱসায়ীক ২০ লাখ টকা দাবী কৰি কাৰাগাৰলৈ যাবলগীয়া হল কৃষক নেতা উমানন্দ মুদৈ মৰাণ। আজি তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশ আদালতত তেওঁক হাজিৰ কৰাৰ পিছতে আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Advertisment

উল্লেখ্য যে,  তালাপৰ চাহ ব্যৱসায়ী দীনদয়াল বাৰ্মাক ফোন যোগে বিশ লাখ টকা দাবী কৰা এক অডিঅ’  ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। তাৰ পিছতেই তিনিচুকীয়াত সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্য৷

এই ধন দাবী সন্দৰ্ভত মঙলবাৰে পুৱা দীনদয়াল বাৰ্মাই ডুমডুমা আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতে কৃষক নেতা উমানন্দক গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে৷

পেঙেৰীৰ তৰাণি গাঁৱৰ পৰা আটক কৰা কৃষক নেতাগৰাকীক পিছত তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয়। তাৰ পূৰ্বে ভাইৰেল হোৱা কল ৰেকৰ্ডিং সন্দৰ্ভত জিলাখনৰ দুগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই তিনিচুকীয়া সদৰ আৰক্ষী থানাত তেওঁক জেৰা কৰে। 

ডুমডুমা আৰক্ষী থানাত পঞ্জীয়ন হোৱা  ৮৫/২৫ নং গোচৰৰ অধীনত তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩৫১(৩)/ ৩০৮(৪)/ ৩০৮(৫)/ ১৯৬(১)(এ) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৃষক নেতাগৰাকীক। 
উল্লেখ্য যে, কৃষক নেতাগৰাকীৰ বিৰুদ্ধে ১৯৬(১)(এ) ধাৰা দুটা ফৈদৰ মাজত সংঘাত সৃষ্টিত উচতনি দিয়াৰ অভিযোগত লগোৱা হৈছে। এই ধাৰাত যদি তেওঁ দোষী সাব্যস্ত হয় তেন্তে তেওঁ ১০ বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব। 

 

অপৰাধ কৃষক