তিনিচুকীয়াত জোনমণি ৰাভালৈ শ্রদ্ধাঞ্জলী: লীনা দলেক গ্ৰেপ্তাৰৰ দাবী...

কিছুদিন পূৰ্বেই মৃত্যু হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ শনিবাৰে তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বহুকেইটা দল সংগঠনে
তিনিচুকীয়াত জোনমণি ৰাভালৈ শ্রদ্ধাঞ্জলী:  লীনা দলেক গ্ৰেপ্তাৰৰ দাবী...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ কিছুদিন পূৰ্বেই মৃত্যু হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ শনিবাৰে তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বহুকেইটা দল সংগঠনে। চিপিআই (এম-এল), অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ, নিখিল ভাৰত প্ৰগতিশীল মহিলা সমিতি, বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাৰ ভালেসংখ্যক কৰ্ম-কৰ্তাই জনাই নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেক অনতিপলমে গ্ৰেপ্তাৰৰ দাবী তোলে ।

সংগঠনকেইটাই জোনমণি ৰাভাৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবীত বিভিন্ন শ্ল’গান আওৰাই থানা চাৰিআলিৰ পৰিৱেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদৰ জড়িয়তে সংগঠনকেইটাই জিলাখনৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানি গাঁৱৰ নাবালিকা ধৰ্ষণত অভিযুক্ত সমুন্দ্ৰ ৰায় লিম্বুক আজিলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত ক্ষোভ ব্যক্ত কৰি বৰডুবি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষককো নিলম্বন কৰিবলৈ দাবী জনায় ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সদস্যা তথা তিনিচুকীয়া জিলা সম্পাদিকা শিখা দাস, আৰ ৱাই এৰ বিশাল ক’ল, আইছাৰ সূৰুয মাহিলী, এআইচিচিটিইউৰ সুভাষ সিং আৰু চিপিআই(এম-এল)ৰ সুভাষ সেনে চৰকাৰক তীব্ৰ সমালোচনা কৰে । লগতে শাসক শ্ৰেণীৰ অভ্যন্তৰত হোৱা দ্বন্দ্বৰ ফলত অসম আৰক্ষীৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা অৰিয়া-অৰিয়েই জোনমণি ৰাভাৰ দৰে আৰক্ষী বিযয়াৰ হত্যাৰ কাৰক বুলি অভিযোগ কৰে ।

তিনিচুকীয়াত জোনমণি ৰাভালৈ শ্রদ্ধাঞ্জলী:  লীনা দলেক গ্ৰেপ্তাৰৰ দাবী...
মেলামৰা-বাদুলিপাৰ সংযোগী পথৰ দুৰৱস্থাক লৈ অতীষ্ঠ ৰাইজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in