টিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি বেদখল অজনজাতীয় লোকৰ ! শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী...

জনজাতীয় বেষ্টনীত সুৰক্ষিত নহয় নেকি জনজাতীয় লোক? ঐতিহাসিক ৰজা কথাগাম চিংফৌৰ নিজা দখলত থকা ভূমি বেদখল কৰাৰ অভিযোগ উঠিছে দীপক ছেত্ৰী নামৰ নেপালী সম্প্ৰদায়ৰ লোকজনৰ বিৰুদ্ধে।

author-image
Tushar Pratim
New Update
টিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি বেদখল অজনজাতীয় লোকৰ ! শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী...

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ জনজাতীয় বেষ্টনীত জনজাতীয়লোকসকলেই সুৰক্ষিত নহয় নেকি? যোৱা ১০ মাৰ্চত টিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি অজনজাতীয় লোকে বেদখল কৰাৰ এক ঘটনাই এই প্ৰশ্নকেই উত্থাপন কৰিছে।

Advertisment

মাৰ্ঘেৰিটা সম-জিলাৰ অন্তৰ্গত জাগুন কথাগাম গাঁৱৰ ঐতিহাসিক ৰজা কথাগাম চিংফৌৰ নিজা দখলত থকা ভূমি বেদখল কৰাৰ অভিযোগ উঠিছে দীপক ছেত্ৰী নামৰ নেপালী সম্প্ৰদায়ৰ লোকজনৰ বিৰুদ্ধে। অভিযোগ অনুসৰি দীপক ছেত্ৰীয়ে ৰজা কথামা চিংফৌৰ ৩২ বিঘা ভূমি বেদখল কৰিছে। 

ইয়াকে লৈ ৰজা কথাগাম চিংফৌৰ পৰিয়ালৰ সৈতে সৃষ্টি হয় এক সংঘাত। ইয়াৰ পাছতে আজি টিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি বেদখল কৰাৰ ঘটনাকলৈ টিৰাপ স্বায়ত্ত্বশাসিত দাবী পৰিষদে মাৰ্ঘেৰিটাত এক সংবাদমেল সম্বোধন কৰে। 

উক্ত সংবাদমেলত উপস্থিত থাকে টিৰাপ স্বায়ত্ত্বশাসিত দাবী পৰিষদৰ উপদেষ্টা ভূগেশ্বৰ শ্যাম, সাধাৰণ সম্পাদক পল্লৱ শ্যাম বাইলুং, কথাগাম চিংফৌ গাঁৱৰ মূৰব্বী চেংগাম চিংফৌ, কথাগাম চিংফৌ, লুমাই চিংফৌ, ৰয়টং চিংফৌ, থুমাই চিংফৌ, চেংগ্ৰাম চিংফৌ, নাং জিটং চানসহ বহু সংখ্যক জনজাতীয় নেতৃত্বই।

পৰিষদে টিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি অজনজাতীয় লোকে বেদখল কৰাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। পৰিষদে অতি শীঘ্ৰে টিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি বেদখল মুক্ত কৰি জনজাতীয় লোকসকলক সুৰক্ষিত কৰিবলৈ চৰকাৰ প্ৰশাসনৰ প্ৰতি দাবী জনাইছে।

অন্যথা টিৰাপ ট্ৰাইবেল বেল্টৰ জনজাতীয় ৰাইজে ৰাজপথত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি তিনিচুকীয়া জিলাৰ টিৰাপ ট্ৰাইবেল বেল্টত ভূমি কেন্দ্ৰিক সংঘাত চলি আছে। 

টিৰাপ জনজাতীয় বেষ্টনী এলেকাত জনজাতীয় লোকসকলেই এতিয়া অসুৰক্ষিত হৈ পৰিছে। কথাগাঁৱৰ ঐতিহাসিক ৰজা কথাগাম চিংফৌৰ নিজা দখলত থকা ভূমি বেদখল কৰিবলৈ সাহস কৰিছে অজনজাতীয় লোকে ।

ইয়াক কেন্দ্ৰ কৰি কেইদিনমান পূৰ্বে ৰজা কথাগাম চিংফৌৰ পৰিয়ালৰ সৈতে হোৱা সংঘাতৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। মন কৰিবলগীয়া যে, ২০০৩ চনৰ পৰাই আদলাতত আইনী যুঁজ চলি অহা ভূমিৰ আজিও হোৱা নাই চূড়ান্ত ৰায়দান।

ন্যায় পোৱা নাই ভুক্তভোগী কথাগাম চিংফৌৰ পৰিয়ালে। বেদখলকাৰীয়ে ধনবলেৰে মাটি এলটমেন্ট আনিবলৈ চেষ্টা কৰাৰ অভিযোগ মাটিৰগৰাকী তথা পৰিয়ালৰ। মাৰ্ঘেৰিটা প্ৰশাসনেও বেদখলকাৰীৰ পক্ষত সমৰ্থন কৰাৰ অভিযোগ ভুক্তভোগীৰ।

সেয়ে সময় থাকোতেই এই বিবাদ নিস্পত্তি কৰাৰ বাবে স্থানীয় ৰাইজেই দাবী জনাইছে।অন্যথা এক অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভৱনাক কেন্দ্ৰ কৰি সমগ্ৰ টিৰাপ ট্ৰাইবেল বেল্টত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। এইক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা হাতত লয় সেইয়া অতি লক্ষনীয় হ'ব।

মাৰ্ঘেৰিটা বেদখল