তিনিচুকীয়াত চাঞ্চল্যঃ মুখত ক'লাকাপোৰ বান্ধি যুৱতী কৰ্মচাৰীক ধৰ্ষণ

ভাড়াতীয়া হিচাপে অকলে থকা বিদ্যালয়ৰ যুৱতী কৰ্মচাৰীক ধৰ্ষণ। মুখত ক'লাকাপোৰ বান্ধি আহিছিল দুৰ্বৃত্তই। আৰক্ষীৰ তীব্ৰ অভিযান
তিনিচুকীয়াত চাঞ্চল্যঃ মুখত ক'লাকাপোৰ বান্ধি যুৱতী কৰ্মচাৰীক ধৰ্ষণ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ উজনিৰ বাণিজ্যিক চহৰ তিনিচুকীয়াত শনিবাৰে সংঘটিত হয় এক জঘন্য কাণ্ড। মুখত ক'লাকাপোৰ বান্ধি অহা অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা ধৰ্ষণৰ বলি হয় ভাড়াতীয়া হিচাবে থকা এগৰাকী যুৱতী কৰ্মচাৰী । ইয়াকে লৈ বাণিজ্যিক চহৰখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে শনিবাৰৰ পুৱতি নিশা প্ৰায় ৩-৩০ বজাত দুৰ্বৃত্তই চহৰখনৰ এটা অঞ্চলত ভাড়াতীয়া হিচাবে থকা এগৰাকী যুৱতীৰ ভাড়াঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰি পলায়ন কৰে। উল্লেখ্য যে, তিনিচুকীয়াৰ এখন চৰকাৰী শিক্ষানুষ্ঠানৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত যুৱতীগৰাকী প্ৰায় এমাহমানৰ পৰা উক্ত ভাড়াঘৰটোত থাকিবলৈ আৰম্ভ কৰে। তেওঁৰ সৈতে তিনিচুকীয়াতে শিক্ষাগ্ৰহণ কৰি থকা ভগ্নীও আছিল যদিও গৰমবন্ধৰ হেতু বিদ্যালয় বন্ধ থকা বাবে ভনীয়েক ঘৰলৈ যায়।

যুৱতীগৰাকী অকলে থকাৰ সুযোগ গ্ৰহণ কৰি অচিনাক্ত দুৰ্বৃত্তটোৱে তাইক কামনাৰ বলি কৰা বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। আৰক্ষীয়ে সদৰি কৰা মতে দুৰ্বৃত্তটোৱে যুৱতীগৰাকী থকা ভাড়াঘৰটোৰ দুৱাৰখন কৌশলেৰে মুকলি কৰি কোঠাত প্ৰৱেশ কৰিছিল ৷ ইফালে যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰি মুখত কলাকাপোৰ বান্ধি আহিছিল দুৰ্বৃত্তটোৱে আৰু সেই সময়ত ধাৰাষাৰ বৰষুণ দি থকা বাবে সমীপৰ আন ভাৰাতীয়া তথা আবাসীসকলে ঘটনাৰ উৱাদিহ নাপালে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে যুৱতীগৰাকীয়ে ৷

এই দুষ্কাৰ্যত স্থানীয় কোনো যুৱক জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত সামৰি দুৰ্বৃত্তটোৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে। ইফালে যুৱতীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰে ৷ তদন্ততৰ খাতিৰত আৰক্ষীয়ে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে ৷

তিনিচুকীয়াত চাঞ্চল্যঃ মুখত ক'লাকাপোৰ বান্ধি যুৱতী কৰ্মচাৰীক ধৰ্ষণ
অকস্মাৎ আহিল দুটা খবৰঃ কঁপি উঠিল বিজেপিৰ দুটা শিবিৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in