আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়া জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়া জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়া জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে মুখ্য কৰি শাক-পাচলি, ইন্ধনজাত সামগ্ৰী, নিৰ্মাণ সামগ্ৰী, ঔষধজাত দ্ৰব্য ইত্যাদি নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলাইছে যদিও দেশত এখন ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ থকাৰ পিছতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ যত্নপৰ হোৱা নাই। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ চলিছে যদিও এই প্ৰতিবাদে চৰকাৰৰ গা-ল'ৰাব পৰা নাই। যাৰবাবে তীব্ৰ ক্ষোভ আৰু অসন্তোষ্টিত জনতাই দিন অতিবাহিত কৰিছে।

Advertisment

ইয়াৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশমৰ্মে যোৱা ২৫ জুলাইৰ পৰা কংগ্ৰেছ দলে আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ অসমত জিলা আৰু ব্লক পৰ্যায়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। শনিবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ উদ্যোগত তথা তিনিচুকীয়া আৰু ইটাখুলি ব্লক কংগ্ৰেছৰ লগতে ৰাইজৰ সহযোগত থানা চাৰিআলিস্থিত ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি স্মৃতি উদ্যানত সমবেত প্ৰায় ৫শতাধিক প্ৰতিবাদকাৰীয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰায় তিনি ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে।

হাতে হাতে বেনাৰ, প্লে-কাৰ্ড, ফেষ্টুন আদি লৈ অহা প্ৰতিবাদী জনতাই 'শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সাধাৰণ জনতাক সকাহ দিয়ক, পুঁজিপতিৰ বিজেপি চৰকাৰ নিপাত যাওঁক, জনতা-জনাৰ্দনক সন্মান কৰক, যোগান মন্ত্ৰী হায় হায়' আদি বিভিন্ন শ্ল'গান আওৰাই থানা চাৰিআলিৰ পৰিৱেশ উত্তাল কৰি তোলে। তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, প্ৰাক্তন বিধায়ক ৰাজু চাহু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অবিনাশ গগৈ, মুখপাত্ৰ মৌচুম বৰুৱা আৰু শিক্ষক কোষৰ অধ্যক্ষ ড° পদ্মেশ্বৰ দলেকে মুখ্য কৰি জিলা, ব্লক, মণ্ডল আৰু বুথ পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়াই অংশগ্ৰহণ কৰা কাৰ্যসূচীৰ মাজতে এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ।

সভাত ভালেসংখ্যক বক্তাই আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত ঘৰে ঘৰে হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিফল হোৱা বিজেপি চৰকাৰক জনবিৰোধী আখ্যা দি ক্ষুৰধাৰ সমালোচনা কৰে । এইচেগতে জিলা কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে সকলোকে একত্ৰিত হৈ আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায়। প্ৰতিবাদৰ অন্তত জিলা কংগ্ৰেছে জিলা আয়ুক্তক এক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰি প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰে ।

Also Read: অকস্মাৎ আহিল দুটা খবৰঃ কঁপি উঠিল বিজেপিৰ দুটা শিবিৰ...

Assam Pradesh Congress Commitee