তিনিচুকীয়াত আবকাৰী বিভাগৰ অভিযান, আটক এজনক...

তিনিচুকীয়াৰ কেইবাটাও স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰীৰ অভিযান। হেজাৰ হেজাৰ লিটাৰ চুলাই বগৰাই পেলালে আবকাৰী বিভাগে...

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত আবকাৰী বিভাগৰ অভিযান, আটক এজনক...

ডিজিটেল সংবাদ, তিনিচুকীয়া : তিনিচুকীয়া চহৰৰ লগতে ইয়াৰ উপকন্ঠ অঞ্চলত অবৈধ সুৰাৰ আড্ডাই গা-কৰি উঠাৰ মাজতে বুধবাৰে তিনিচুকীয়া সদৰ আবকাৰী বিভাগে ৬৮ চিআৰপিএফ বাহিনী আৰু তিনিচুকীয়া সংৰক্ষিত আৰক্ষীৰ মহিলা আৰক্ষীৰ সহযোগত বাৰেকুৰি, মাকুম আৰু তিনিচুকীয়া সদৰ থানা এলেকাৰ কেইবাটাও স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে এজন সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ।

Advertisment

দলটোৱে বাৰেকুৰিৰ লেচেংকা, মাকুমৰ বেতজান চাহ বাগিচাৰ ১২ নম্বৰ লাইন আৰু তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচা আৰু লিম্বুগুৰি চাহ বাগিচাৰ কেইবাটাও স্থানত অভিযান চলাই বুজন পৰিমাণৰ চুলাই মদ আৰু চুলাই প্ৰস্তুত কৰা গেলাপাছ নষ্ট কৰি দিয়ে। অভিযানকালত দলটোৱে মুঠ ৭টা স্থানত অভিযান চলাই প্ৰায় ১১০ লিটাৰ চুলাই মদ আৰু প্ৰায় ৯৭০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলাপাছৰ লগতে সুৰা প্ৰস্তুতত ব্যৱহৃত ভালেসংখ্যক সা-সৰঞ্জাম কাটি-ভাঙে।

তদুপৰি আসাম এক্সাইজ এক্ট-২০০০ৰ ৬১(বি)(এ) ধাৰাৰ অধীনত এক অবৈধ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে দুই হেজাৰ টকা জৰিমনা আদায় কৰা বুলি বিভাগটোৰ দ্বাৰা প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ কৰিছে।

Also Read: এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ত নিষিদ্ধ জিনছ পৰিধান কৰা...

Assam police