জিলা প্ৰশাসনৰ নিৰ্দেশনা: এদিনৰ বাবে বন্ধ থাকিব তিনিচুকীয়াৰ স্কুল-কলেজ...

যাৰ পৰিপ্ৰেক্ষিতত বহু অঞ্চলত এক প্ৰকাৰৰ জনজীৱন ব্যাহত হৈ পৰা দেখিবলৈ পোৱা যায়।

author-image
Asomiya Pratidin
New Update
জিলা প্ৰশাসনৰ নিৰ্দেশনা: এদিনৰ বাবে বন্ধ থাকিব তিনিচুকীয়াৰ স্কুল-কলেজ...

ডিজিটেল ডেস্ক : ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণৰ সমান্তৰাল ভাৱে বতাহ ধুমুহাই দেখা দিয়াত বহু ঠাইত বিস্তৰ ক্ষতি সাধন হোৱাৰ পৰিলক্ষিত হৈছে। বিগত দুটা দিনত উজনিতো দেখা পোৱা গ'ল বিধ্বংসী বতাহ-ধুমুহা তথা শিলাবৃষ্টি। যাৰ পৰিপ্ৰেক্ষিতত বহু অঞ্চলত এক প্ৰকাৰৰ জনজীৱন ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

Advertisment

উজনিৰ তিনিচুকীয়া জিলাটো যোৱা ২২ আৰু ২৩ এপ্ৰিলত বিধ্বংসী ধুমুহা-শিলাবৃষ্টিয়ে বহু অঞ্চলৰ জনজীৱনত প্ৰভাৱ পেলায়। জিলাখনৰ বহু অঞ্চলত বিদ্যুতৰ যোগাযোগ ব্যাহত হোৱাৰ উপৰিও বাট-পথত গছ বাগৰি পৰাত যাতায়ত ব্যাহত হৈ পৰিছে। তদুপৰি ধুমুহা-শিলাবৃষ্টিয়ে উচন কৰিলে শতাধিক পৰিয়ালৰ ঘৰ-বাৰী।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা প্ৰশাসন তথা প্ৰাকৃতিক দুৰ্যোগ বিভাগে ২৪ এপ্ৰিলত ২০২৩ তাৰিখে জিলাখনৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰিছে। এক জাননী যোগে জিলাখনৰ উপায়ুক্তই এই কথা ঘোষণা কৰে। জিলাখনৰ জনসাধাৰণৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে।

Also Read: হিন্দু ধৰ্ম আৰু গেৰুৱা ৰঙৰ প্ৰাধান্যতা...

GOVT OF ASSAM Tinisukia Administration