তিনিচুকীয়াৰ নিউ মাৰ্কেটৰ অগ্নিকাণ্ডত জাহ গ'ল ১৪ বিপণী

dangor khabar
dangor khabar

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া চহৰৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰস্বৰূপ দৈনিক বজাৰৰ গাতে লাগি থকা নিউ মাৰ্কেটত দেওবাৰে নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত বজাৰখনৰ ডি ব্লকৰ মুঠ ২২ খন দোকানৰ ভিতৰত ১৪ খন দোকানেই সম্পূৰ্ণৰূপে জাহ যায় । অৱশিষ্ট দোকানৰ লগতে গুদামসমূহ জুইৰ গ্ৰাসত পৰি তথা অগ্নিনিৰ্বাপক বাহিনীৰ পানীৰ সংস্পৰ্শলৈ আহি ক্ষতিগ্ৰস্ত হয় । লাভ কৰা তথ্য অনুসৰি দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত নিউ মাৰ্কেটৰ ডি ব্লকত অৱস্থিত এখন ইলেক্ট্ৰনিক দোকানৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।

দেওবাৰ হোৱা হেতুকে বজাৰ বন্ধ আছিল যদিও স্থানীয় লোকে জুই প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত বজাৰখনত এক অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ধৱ হয় । অতি কম সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই নিৰ্দিষ্ট দোকানখনৰ পৰা ইয়াত নিকটৱৰ্তী দোকানসমূহ গ্ৰাস কৰাত ততাতৈয়াকৈ তিনিচুকীয়া অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। যথাসময়ত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলায় যদিও দুৰ্ভাগ্যৱশতঃ ইয়াৰে এখন বাহনৰ পানীৰ মটৰত বিজুতি ঘটাত অগ্নি নিৰ্বাপনত জটিলতা আহি পৰে । ফলস্বৰূপে অগ্নি নিয়ন্ত্ৰণ বাহিৰ হৈ যায় আৰু চকুৰ পচাৰতে ইখনৰ পিছত সিখন দোকান জুইৰ সংস্পৰ্শলৈ আহে ।

এনে জটিল পৰিৱেশ-পৰিস্থিতিৰ মাজত খবৰ লাভ কৰি ডিগবৈ আই অ’ চিৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপনৰ অভিযান অব্যাহত ৰাখে যদিও ইখনৰ পিছত সিখন দোকান ক্ৰমে জুইত জাহ যাবলৈ ধৰে । ডিগবৈ আই অ’ চিৰ লগতে চাবুৱাৰ বায়ুসেনাৰ অগ্নিনিৰ্বাপক বাহিনী আৰু এচ ডি আৰ এফ বাহিনীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ গোটেই নিশা কঠোৰ পৰিশ্ৰমৰ অন্তত জুই নিয়ন্ত্ৰণলৈ অানিবলৈ সক্ষম হয় । সোমবাৰে পুৱাৰ ভাগতো বাহিনীৰ লোকে জুই নিৰ্বাপনৰ অভিযান অব্যাহত ৰাখে ।

উল্লেখ্য যে এই ভয়ংকৰ অগ্নিকাণ্ড যথাসময়ত নিৰ্বাপিত নোহোৱাহ'লে নিউ মাৰ্কেটৰ গাতে লাগি থকা দৈনিক বজাৰখনো জ্বইৰ সংস্পৰ্শলৈ আহিলহেঁতেন । অগ্নিকাণ্ডৰ সন্দৰ্ভত নিউ মাৰ্কেট এচোচিয়েচনৰ সভাপতি ডা: মনোজ সাহাই কয় যে নিউ মাৰ্কেটৰ ডি ব্লকত মুঠ ২২ খন দোকানৰ ১৪খনেই অগ্নিকাণ্ডত জ্বলি ছাই হৈ যায় । বজাৰখনৰ কেইবাটাও গুদাম ক্ষতিগ্ৰস্ত হয় । তদুপৰি বহু দোকান আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । য'ত কোটি কোটি টকাৰ সম্পত্তি জ্বলি ছাই হৈ যায় । জুইত জাহ যোৱা দোকানসমূহৰ ভিতৰত প্ৰসাধন সামগ্ৰীৰ দোকান, জোতাৰ দোকান, ইলেক্ট্ৰনিক দোকান, ষ্টেচনাৰীৰ দোকান আদিৰ লগতে সভাপতিগৰাকীৰ ঐতিহাসিক হোমিঅ’পেথি চেম্বাৰখনো জুইত জাহ যায় বুলি জানিবলৈ দিয়ে ।

ইফালে চাবুৱা বায়ুসেনা আৰু ডিগবৈ আই অ’ চি অগ্নিনিৰ্বাপক বাহিনীৰ কাম-কাজৰ শলাগ লৈছে তিনিচুকীয়াৰ জ্যেষ্ঠ নাগৰিকসকলে । ইয়াৰ লগে লগে তিনিচুকীয়া অগ্নিনিৰ্বাপক বাহিনীক সমালোচনা কৰি বাহিনীটোক শক্তিশালী কৰি অত্যাধুনিক ৰূপত গঢ় দিবলৈ চৰকাৰক দাবী জনাইছে ।

dangor khabar
টিহুৰ বিশিষ্ট বাতৰি কাকত বিতৰক-প্ৰবীণ খেলুৱৈ লক্ষী ডেকাৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in