মাৰ্ঘেৰিটাত দুষ্কৃতিকাৰীয়ে ভাঙিলে চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি

মাৰ্ঘেৰিটাৰ হিলভিউস্থিত স্বৰ্গদেউ চাওলুং চুকাফাৰ আৱক্ষ প্ৰতিমূৰ্তি নিশা কোনো দুষ্কৃতিকাৰীয়ে ভঙাক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটাত দুষ্কৃতিকাৰীয়ে ভাঙিলে চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ হিলভিউস্থিত স্বৰ্গদেউ চাওলুং চুকাফাৰ আৱক্ষ প্ৰতিমূৰ্তি নিশা কোনো দুষ্কৃতিকাৰীয়ে ভঙাক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। দুষ্কৃতিকাৰীৰ এই কাৰ্যক তীব্ৰ গৰিহণা চাওলুং চুকাফা প্ৰতিমূৰ্তি পৰিচালনা সমিতিৰ লগতে টাই আহোম জনগোষ্ঠীয় দল সংগঠনৰ।

Advertisment

দুষ্কৃতিকাৰীয়ে পূৰ্বপুৰুষৰ স্বাভিমানত আঘাত হনা কাৰ্যক কোনো পধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জনগোষ্ঠীটোৰ নেতৃবৰ্গই।  চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি পৰিচালনা সমিতিয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আজি পুৱা মাৰ্ঘেৰিটা আৰক্ষীৰ থানাত এজেহাৰ দাখিল কৰিছে।

পৰিচালনা সমিতিয়ে চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি সুৰক্ষা ক্ষেত্ৰত বিহীত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাকো স্মাৰক পত্ৰ প্ৰদান কৰে। এই দুষ্কাৰ্যৰ লগত জড়িত ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি বিহিবলৈ দাবী জনাইছে টাই আহোম জনগোষ্ঠীয় দল সংগঠনসমূহৰ নেতৃত্বই।

উল্লেখ্য যে ২০২২ বৰ্ষত মাৰ্ঘেৰিটাত ব’হাগী উৎসৱৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা হিলভিউস্থিত ইক'পাৰ্কৰ সন্মুখত সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যক্তিগত পুঁজিৰে নিৰ্মিত প্ৰায় ৯ লাখ টকা ব্যয় সাপেক্ষে স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা পুৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল। চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি বিধায়ক ভাস্কৰ শৰ্মাই টাই আহোম যুৱ পৰিষদৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই  এই প্ৰতিমূৰ্তি স্থাপন কৰোৱাৰ কথা উল্লেখ কৰিছিল।

উক্তদিনা উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি উপস্থিত থাকি হিলভিউস্থিত ইক'পাৰ্কত বৃহত্তৰ অসমীয়া জাতি গঠনৰ লগতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰি ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰি বান্ধি ৰখাৰ প্ৰয়াসক ভূয়সী প্ৰশংসা কৰিছিল।

ঐতিহাসিক ভিত্তি থকা চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ হাতৰ এটা অংশ এইদৰে দুষ্কৃতিকাৰীয়ে ভঙাৰ ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে। ইতিমধ্যে সমগ্ৰ ঘটনা মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। দুষ্কৃতিকাৰীৰ এনে ঘটনাক একমুখে সকলোৱে নিন্দা কৰাৰ লগতে এনে দুৰ্বৃত্তক আটক কৰি কঠোৰ শাস্তি দিবৰ বাবে সচেতন মহলে আৰক্ষীক দাবী জনাইছে।

 

 

চাওলুং চুকাফা মাৰ্ঘেৰিটা